নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
কবিতাক প্ৰতিজন সাধাৰণ ব্যক্তিৰ মাজলৈ লৈ গৈ মানুহৰ প্ৰিয়তম সম্পদত পৰিণত কৰাৰ লক্ষ্যৰে বিভিন্ন আঁচনি গ্ৰহণ কৰা সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী 'চোতালৰ কবিতা' আজি অনুষ্ঠিত হয় ধিঙৰ বৰভেটি সোণাৰি গাঁৱৰ তৰুণ প্ৰজন্মৰ সম্ভাৱনাপূৰ্ণ কবি দিপানজু বৰাৰ চোতালত।
নগাঁও জিলা কবি সন্মিলনৰ অন্তৰ্গত ধিং আঞ্চলিক কবি সন্মিলনৰ আহ্বানত অনুষ্ঠিত অনুষ্ঠানটিত পৰ্যবেক্ষকৰূপে উপস্থিত থাকে মৰিগাঁও জিলা কবি সন্মিলনৰ সম্পাদক তথা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ভবেন চন্দ্ৰ নাথ। নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক মদাৰজ্যোতিয়ে আঁতধৰা অনুষ্ঠানটিত বৰভেটি সোণাৰি গাঁৱৰ গোপিনীসকলে দিহানাম পৰিবেশন কৰে।
সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সঞ্জীৱ সাগৰ চৌধুৰী, হাচিনা মমতাজ, মায়ামণি দেৱী, হিৰুকৃষ্ণ নাথ, উমেশ শইকীয়া, মুনীন্দ্ৰ শৰ্মা, দিপানজু বৰা, মদাৰজ্যোতি, জিঞা বৰা প্ৰমুখ্যে কবিসকলৰ কবিতাৰ পাঠ আৰু আবৃত্তিৰে মুখৰিত হয় চোতালৰ কবিতা। উমেশ শইকীয়াৰ বৰগীত, নিৰুপমা শইকীয়াৰ বিয়ানামেৰেও সোণত সুৱগা চৰা অনুষ্ঠানটিত বিশিষ্ট সমাজকৰ্মী নৱ কাকতি,
ৰেণু শইকীয়া, ৰূপানজু বৰা, শাৰদী শইকীয়া, বগীমাই শইকীয়া, শিখাৰাণী শইকীয়া, দীপালি শইকীয়া, বিজয়া বৰা, ৰূপালী শইকীয়া, অৰুণা বৰদলৈ, নিজৰা শইকীয়া প্ৰমুখ্যে বৰভেটি সোণাৰি গাঁও অঞ্চলৰ গোপিনীসকল উপস্থিত থাকে।
- Log in to post comments
- 31 views