বিশ্বনাথ চাৰিআলিৰ পৰা ভাস্কৰ দাস
অসমীয়া ভাষা, জাতি সুৰক্ষিত কৰিবলৈ কোনো বিদেশীৰ প্ৰয়োজন নাই| নাগৰিকত্ব সংশোধনী বিধেয়কৰ স্পষ্ট বিৰোধিতা কৰি বিশিষ্ট লেখক ইছমাইল হুছেইনৰ এই বক্তব্য| বিশ্বনাথৰ অগ্ৰণী অনুষ্ঠান বিশ্বনাথ সাংস্কৃতিক মঞ্চৰ উদ্যোগত আৰু সদৌ বিশ্বনাথবাসী ৰাইজৰ সহযোগত যোৱা ১৮ আৰু ১৯ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথ চাৰিআলিৰ গণ্ডকী নৈ পাৰত বৰ্ণাঢ্য ভাগৱত শোভাযাত্ৰা কাৰ্যসূচী আৰু চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ লগতে মাজুলীৰ মুখাশিল্পৰ আৰ্হিত দৈত্যাৰী ঠাকুৰ বিৰচিত অঙ্কীয়া নাট 'নৃসিংহ যাত্ৰা' ভাওনা সমাৰোহৰ আয়োজন কৰা হয়৷
শনিবাৰে এই ভাওনা অনুষ্ঠানটো আঁতধৰে শিৰোমণি খ্যাত শিল্পী মানস ভাগৱতীয়ে৷ যশস্বী গীতিকাৰ-কবি ধ্ৰুৱজ্যোতি ৰাজখোৱা, ভাস্কৰ্য শিল্পী ভাস্কৰ্য মনজিতৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক ইছমাইল হুছেইনসহ বিশ্বনাথৰ কেইবাজনো বিশিষ্ট ব্যক্তি| দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে পুৱাৰ ভাগত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়| নিশা 'নৃসিংহ যাত্ৰা' প্ৰদৰ্শন কৰা হয়৷ সেই অনুষ্ঠানতে ইছমাইল হুছেইনে মন্তব্যত কয়, "মই নাগৰিকত্ব সংশোধনী বিধেয়কৰ সম্পূৰ্ণ বিৰোধিতা কৰোঁ|" উল্লেখ্য যে অসমৰ ৰাজনীতিত ধৰ্মক লৈ বিভেদৰ সৃষ্টি কৰা ৰাজনৈতিক নেতাসকলক চিনি লৈ তেওঁলোকৰ দৰে সাম্প্ৰদায়িক ৰাজনৈতিক নেতাসকলক বিদায় দিবলৈও আহ্বান জনায় বিশিষ্ট লেখকগৰাকীয়ে৷
- Log in to post comments
- 52 views