টেঙাগুৰিত মিঞা পৰিষদৰ জোঁৰ সমদল

টেঙাগুৰিত মিঞা পৰিষদৰ জোঁৰ সমদল

লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম

শাসনাধিষ্ঠিত বিজেপি চৰকাৰে জাপি দিব বিচৰা অসমীয়া জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত টেঙাগুৰিত মিঞা পৰিষদে বৃহৎ জোৰঁ সমদল উলিয়ায়। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে মিঞা যুৱ পৰিষদৰ সম্পাদক ফেৰদৌচ জিন্না।

টেঙাগুৰিত মিঞা পৰিষদৰ জোঁৰ সমদল

সম্পাদকগৰাকীয়ে কয় যে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে জাপি দিব বিচৰা অসমীয়া জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক আমি কেতিয়াও মানি নলওঁ৷ এই বিধেয়ক বাতিল কৰিবই লাগিব৷

টেঙাগুৰিত মিঞা পৰিষদৰ জোঁৰ সমদল

লগতে তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো তীব্ৰ সমালোচনা কৰে। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, বিজেপি গ'-বেক, জয় আই অসম ইত্যাদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Your Comments