বঙাইগাঁও চহৰত অৱস্থিত নাৰী শিক্ষাৰ এক অগ্ৰণী শিক্ষানুষ্ঠান বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উদ্যাপনৰ সামৰণী অনুষ্ঠানৰ আজি দ্বিতীয়দিনা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷ বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা উলিওৱা শোভাযাত্ৰা উদ্বোধন কৰে বঙাইগাঁৱৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক প্ৰেমনাথ হাৰলালকাই৷
সাংস্কৃতিক শোভাযাত্ৰাত বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰীসকলৰ লগতে প্ৰাক্তন ছাত্ৰী, অধ্যাপক-অধ্যাপিকা আৰু বিভিন্ন জাতি-জনগোষ্ঠীয় সাংস্কৃতিক দলে অংশগ্ৰহণ কৰাত চহৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ বিহুদলৰ লগতে কোচ ৰাজবংশী, বড়ো, নেপালী, আদিবাসী, বঙালী, গাৰো, ৰাভা, জিকিৰ, নামতি দল, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আদিয়ে শোভাযাত্ৰাত অংশ লয়৷ আনহাতে, মহাবিদ্যালয়খনৰ ছাত্ৰীসকলে স্বকীয় সাজপাৰ পৰিধান কৰি শোভাযাত্ৰাত অংশগ্ৰহণ কৰি শোভাযাত্ৰাৰ সৌষ্ঠৱ বঢ়ায়৷ সাংস্কৃতিক শোভাযাত্ৰা বঙাইগাঁও চহৰৰ মায়াপুৰী তিনিআলি হৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখেৰে আহি পুনৰ বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সামৰণি পৰে৷
ইপিনে ৰূপালী জয়ন্তী উদ্যাপন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীয়ে কয় যে সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি-জনগোষ্ঠী তথা সম্প্ৰদায়ৰ লোকে স্বতস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে৷ এই অংশগ্ৰহণে ইয়াকে সূচাইছে যে আমাৰ অসমত তথা বঙাইগাঁও অঞ্চলত বিভিন্ন জাতি-ধৰ্ম, সম্প্ৰদায় তথা বিভিন্ন জাতি-জনগোষ্ঠীৰ মানুহৰ মাজত এটা সমন্বয় আছে আৰু এই সমন্বয়টো ধৰি ৰখাৰ বাবে আমি শোভাযাত্ৰাৰ জৰিয়তে চেষ্টা চলাইছোঁ আৰু তাত আমি সাৰ্থক হৈছোঁ৷
ইপিনে বিয়লি বিভিন্ন প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান আৰু প্ৰাক্তন ছাত্ৰীৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠিত হয়৷ প্ৰাক্তন ছাত্ৰী ৰশ্মি পাঠকে উদ্বোধন কৰা অন্তৰংগ আলাপ অনুষ্ঠানটো সঞ্চালনা কৰে মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপিকা ডঃ সুভদ্ৰা বড়োৱে৷ ইয়াৰ পিছতে অনুষ্ঠিত হয় কবি সন্মিলন৷ কবি সন্মিলনখন সঞ্চালনা কৰে বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই৷ সন্ধিয়া বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়৷
সাংস্কৃতিক অনুষ্ঠানত হাৰিকেন গাৰ্লছ আৰু সুবাসনা দত্তই মুখ্য আকৰ্ষণীয় শিল্পী হিচাপে উপস্থিত থাকি গীত পৰিৱেশন কৰিব৷ কাইলৈ তিনিদিনীয়া কাৰ্যসূচীৰ সামৰণি পৰিব৷ সমাৰণিৰ দিনা বক্তৃতানুষ্ঠান, মুকলি সভা আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব৷ সাংস্কৃতিক অনুষ্ঠানত কলকাতাৰ পৰ্ণাভ আৰু মিছ সুমনাই মুখ্য আকৰ্ষণীয় শিল্পী হিচাপে উপস্থিত থাকিব৷
- Log in to post comments
- 43 views