তামুলপুৰৰ কাউলীত বনৰীয়া হাতীৰ তাণ্ডৱ : এজন কিশোৰ আহত

তামুলপুৰৰ কাউলীত বনৰীয়া হাতীৰ তাণ্ডৱ : এজন কিশোৰ আহত

বাক্সা জিলাৰ তামুলপুৰ মহকুমাত বিগত বহু দিনে অব্যাহত আছে হাতী-মানুহৰ ভয়াৱহ সংঘাত। শুকুৰবাৰে নিশা খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ বৃহৎ জাক এটাই তামুলপুৰ মহকুমাৰ বৃহত্তৰ কাউলী অঞ্চলত প্ৰৱেশ কৰি এক আতংকময় পৰিবেশৰ সৃষ্টি কৰে। জাকটোৰ উপদ্ৰৱত আতংকিত হৈ অঞ্চলটোৰ লোকসকলে ঘৰ-দুৱাৰ এৰি জধেমধে পলাবলৈ ধৰোঁতে পূব তৰুণ গাঁৱৰ এজন ১৫ বছৰীয়া কিশোৰ আহত হয় আৰু কথমপি প্ৰাণৰক্ষা পৰে।

তামুলপুৰৰ কাউলীত বনৰীয়া হাতীৰ তাণ্ডৱ : এজন কিশোৰ আহত

ইপিনে জাকৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড হাতীয়ে উক্ত গাঁৱৰে অতি দৰিদ্ৰ শ্ৰেণীৰ নিবাৰণ বৰ্মন নামৰ লোকজনৰ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে বাৰীৰ তামোলৰ পুলি, নাৰিকল গছ, কলগছ আদি ভাঙি থৈ যায়। ইয়াৰ উপৰি হাতীৰ জাকটোৱে আন কেইবাটাও পৰিয়ালৰ ক্ষতিসাধন কৰি ঘৰৰ ভিতৰত থকা ধান-চাউল খাই পেলায়। নিশা অঞ্চলটোৰ ৰাইজে হাতী খেদি পঠিয়াবলৈ জুইৰ মলা আদি জ্বলাই হাই-উৰুমি কৰে যদিও পুৱতি নিশা ৪মান বজাতহে হাতীৰ জাকটো উভতি যায়।

তামুলপুৰৰ কাউলীত বনৰীয়া হাতীৰ তাণ্ডৱ : এজন কিশোৰ আহত

সম্প্ৰতি অঞ্চলটোৰ লোকসকলৰ মাজত এক আতংকময় পৰিৱেশে বিৰাজ কৰাৰ লগতে বন বিভাগৰ লোকৰ ওপৰত ক্ষোভিত হৈ পৰে ৰাইজ। খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা হাতীৰ উপদ্ৰৱে সম্প্ৰতি নিদ্ৰাহৰণ কৰি আহিছে তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলি অঞ্চলৰ লগতে ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজৰ।

Your Comments