মায়ঙৰ চনকাত অঘটন : দলং ভাঙি সোমাল ডাম্পাৰ

 মায়ঙৰ চনকাত অঘটন : দলং ভাঙি সোমাল ডাম্পাৰ

জাগীৰোডৰ পৰা মৃদুল কুমাৰ ডেকা

মায়ঙৰ পবিতৰা অভয়াৰণ্যৰ সমীপৱৰ্তী চনকা সংযোগী ঔগুৰি কাঠৰ দলংখন আজি দুপৰীয়া সময়ত এখন ডাম্পাৰ পাৰ হোৱাৰ সময়ত ভাঙি যায়। দীৰ্ঘদিন ধৰি দুৰ্বল হৈ থকা দলংখন ভাঙি ডাম্পাৰখন সোমাই যোৱাৰ ফলত দুয়োপাৰৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। দুপৰীয়া ভাগলৈ ৰ'দ নপৰা চনকালৈ গৈ বিশাল ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি বনভোজ খাবলৈ যোৱা বনভোজৰ দলসমূহ ইটো পাৰে আবদ্ধ হৈ পৰে। একেদৰে পুৱাৰ ভাগত দলং পাৰ হৈ যোৱা বনভোজৰ দলসমূহে উভতি অহাৰ সময়ত দলংখনৰ আনটো পাৰে আবদ্ধ হৈ পৰে।

 মায়ঙৰ চনকাত অঘটন : দলং ভাঙি সোমাল ডাম্পাৰ

অৱশ্যে পুৰণি কাঠৰ দলংখনৰ কাষতে নতুন এখন পকী দলং নিৰ্মাণ কৰি থকা কোম্পানীটোৱে সন্ধিয়া ভাগলৈ নেৰানেপেৰাকৈ মাটি আৰু বালি পেলাই অস্থায়ীকৈ এটা উপ-পথ নিৰ্মাণ কৰি দিয়ে। ফলত পুৱাৰ ভাগত চনকালৈ বনভোজ খাবলৈ যোৱা গুৱাহাটী আৰু দূৰদূৰণিৰ দলসমূহ সুকলমে ঘৰমুৱা হয়। পকী দলঙ নিৰ্মাণৰ কামত ব্যবহৃত এখন ডাম্পাৰ পাৰ হোৱাৰ সময়তে আজি সংঘটিত হোৱা এই দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই। 

Your Comments