সমীৰণ বৰুৱা, নাহৰকটীয়া
জাতিধ্বংসী বিধেয়কৰ বিৰূদ্ধে আজি নাহৰকটীয়াত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু ৭০ সংগঠনৰ নেতৃত্বত ৰূপায়ণ কৰে অনশন কাৰ্যসূচী৷ সমগ্ৰ নাহৰকটীয়াবাসী ৰাইজৰ লগতে নাহৰকটীয়া প্ৰেছ গীল্ড, নাহৰকটীয়া প্ৰেছ ক্লাবেও এই অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে নাহৰকটীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক কুসুম্বৰ তাইৰাই গগৈয়েও উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে অঞ্চলটোৰ বহু জ্যেষ্ঠ নাগৰিকেও অংশগ্ৰহণ কৰে৷ কাৰ্যসূচীত অংশগ্ৰহণ কৰা লোকসকলে নিজৰ বক্তব্য দাঙি ধৰি চৰকাৰে এই বিধেয়কখন গৃহীত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিলে আৰু অধিক জংগী আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰ বিৰুদ্ধে হুংকাৰ দিয়ে৷
- Log in to post comments
- 15 views