অসমৰ বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱি ড৹ হীৰেণ গোহাঁই, জ্যেষ্ঠ সাংবাদিক মনজিত মহন্তকে ধৰি অসমৰ ৰাজহুৱা স্বাৰ্থ জড়িত বিষয়ত সৱলভাৱে মাত মাতি অহা কেইবাজনো প্ৰতিবাদী সত্বাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে আৰক্ষী প্ৰশাসনে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ পঞ্জীয়ণ কৰাত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে অনুষ্ঠিত কৰা সাধাৰণ সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰে ৷
লগতে সভাত চৰকাৰৰ এই সিদ্ধান্তক গৰিহণা দি এক প্ৰস্তাৱ গৃহীত কৰা হয় বুলি প্ৰেছ ক্লাবৰ সভাপতি সুজিৎ কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক উপানন্দ শৰ্মাই জানিবলৈ দিছে ৷ ইপিনে চৰকাৰ তথা আৰক্ষী প্ৰশাসনৰ এনে কাৰ্যক বঙাইগাঁও জিলা আপকু আৰু জাৰ্ণেলিষ্ট ইউনিয়ন অব আছামৰ বঙাইগাঁও জিলা সমিতিয়েও গৰিহণা দিছে ৷
- Log in to post comments
- 7 views