নলবাৰীৰ পৰা হেমন্ত কলিতা
নলবাৰী জিলাৰ নিজ বাহঁজানী গাঁৱৰ (গোঁসাইখাট চুবুৰীৰ) বাসিন্দা তথা গোপল থান পলিটেকনিকেল ইনষ্টিটিউট হাইস্কুলৰ সহকাৰী শিক্ষক, সমাজপ্ৰিয় ব্যক্তি গোকুল চন্দ্ৰ ডেকাৰ শুকুৰবাৰে নিশা অকাল মৃত্যু হোৱা বাতৰিয়ে সমগ্ৰ বাহঁজানীত শোকৰ ছাঁ পেলাইছে । ৫৬ বছৰীয়া ডেকাই অগ্নাশয় ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসা গ্ৰহন কৰি আছিল যদিও যোৱা নিশা গুৱাহাটীৰ নেম কেয়াৰ হস্পিটেল নামৰ ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ।
পুৱাৰ ভাগত প্ৰয়াত ডেকাৰ মৃতদেহ কৰ্মৰত বিদ্যালয় গোপল থান পলিটেকনিকেল ইনষ্টিটিউট হাইস্কুললৈ আনি বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰূপ কুমাৰ শৰ্মা, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, নলবাৰী জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থা, বৃহত্তৰ বাহঁজানী নাগৰিক মঞ্চ, বাহঁজানী আঞ্চলিক ছাত্ৰ সন্থা, বাহঁজানী পশ্চিম-উত্তৰ বৰভাগ কৰ্মচাৰী পৰিষদ, গো-পালন সমিতি, বাহঁজানী পকোৱা শংকৰ সংঘ পৰিচালনা সমিতি, চান্দুকুছি পাব্লিক হাইস্কুলক শিক্ষা গোট, গংগা পুখুৰী বৰকুৰিহা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোট আদিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে মৃতদেহত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকাকুল পৰিয়ালক সমবেদনা জ্ঞাপন কৰে । মৃত্যুৰ সময়ত প্ৰয়াত ডেকাই পত্নীসহ বহু গুণমুগ্ধক এৰি থৈ যায় ।
আনহাতে ডেকাৰ মৃত্যু গুৱাহাটী নেম কেয়াৰ হস্পিটেলৰ ভুল চিকিৎসাৰ বাবে হোৱা বুলি গুৰুতৰ অভিযোগ উঠিছে ।
- Log in to post comments
- 16 views