তিনিচুকীয়াৰ পৰা চন্দন কলিতা
৬ জনগোষ্ঠীৰ জনজাতিকৰণ সিদ্ধান্তৰ বিৰোধিতা কৰি ট্ৰাইবেল সংঘই জনোৱা ২৪ ঘন্টীয়া অসম বন্ধত তিনিচুকীয়া জিলাত ঠায়ে ঠায়ে বন্ধৰ প্ৰভাৱ মিশ্ৰিত ৰূপত দেখিব পোৱা গৈছে৷ তিনিচুকীয়া জিলাৰ ফিল'বাৰী, ডুমডুমা, তালাপ আদিকে ধৰি টিএমপিকেৰ কিছু সদস্যই ঘাইপথ অৱৰোধক কৰি টায়াৰ জ্বলাই চৰকাৰ বিৰোধী শ্লোগান দিয়া পৰিলক্ষিত হয়৷
ফিল'বাৰী টিএমপিকে নেতা প্ৰাঞ্জল কছাৰীয়ে চৰকাৰৰ এনে সিদ্ধান্তৰ জৰিয়তে জনজাতিয় লোকসকলৰ ক্ষতি কৰিব, লগতে চৰকাৰক এনে জনজাতি বিৰোধী কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে৷ অন্যথা আগন্তক দিনত চৰকাৰে আৰু ভয়াবহ আন্দোলনৰ সন্মুখীন হ'ব লাগিব বুলি কয়৷
- Log in to post comments
- 42 views