বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম
সদৌ অসম উকীল সন্হাৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে আজি বিলাসীপাৰাতো নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ প্ৰত্যাহাৰৰ দাবীত দুঘন্টীয়া প্ৰতিকী ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত কাৰ্যসুচী অনুসৰি ৰাতিপুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজাত লৈ বিলাসীপাৰা উকীল সন্থা কাৰ্যালয় প্ৰাঙ্গণত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ প্ৰত্যাহাৰৰ দাবীত দুঘন্টীয়া প্ৰতীকী ধৰ্মঘট পালন কৰা হয়।
উক্ত কাৰ্যসুচীত বিলাসীপাৰা উকীল সন্হাৰ সকলো অধিবক্তাই উপস্থিত থাকি নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ প্ৰত্যাহাৰৰ দাবী জনায়। অন্যথা ইয়াত কৈ ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলি বিলাসীপাৰা অধিবক্তা সন্হাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সকীয়াই দিয়ে।
- Log in to post comments
- 21 views