নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজিও ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী । নগাঁও জিলাত জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে সৰ্বস্তৰৰ ৰাইজে সাব্যস্ত কৰি গৈছে প্ৰতিবাদ । নগাঁৱৰ সংবাদকৰ্মীসকলৰ উদ্যোগত তথা বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ সহযোগত আজি উলিওৱা হয় এটা বিশাল প্ৰতিবাদী সমদল । সমদলত অংশগ্ৰহণ কৰে জিলাখনৰ শিল্পী-সাহিত্যিক তথা বৰ্ষীয়ান নাগৰিকসকলে।
- Log in to post comments
- 27 views