গোলাঘাট কাৰাগাৰত তিনি ছাত্ৰ নেতাৰ আমৰণ অনশন : জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত 

w

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
৩০টা সংগঠনে আহ্বান জনোৱা অসম বন্ধত গোলাঘাট বিজেপি কাৰ্যালয়ত সংঘটিত কৰা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তিনি ছাত্ৰ নেতাক৷ ছাত্ৰ নেতাকেইজন গোলাঘাট সদৰ কাৰাগাৰত আবদ্ধ হৈ আছে৷

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক মহেন বৰা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়া, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতা ৰাজীৱ লস্কৰে সম্প্ৰতি গোলাঘাট সদৰ কাৰাগাৰৰ ভিতৰতে আৰম্ভ কৰিছে আমৰণ অনশনৰ কাৰ্যসূচীৰ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ছাত্ৰ নেতাকেইজনে এনেদৰে কাৰাগাৰৰ ভিতৰতে প্ৰতিবাদ সাব্যস্ত কৰিছে৷

Your Comments