* ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে ট্ৰাইবেল সংঘই আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ মিশ্ৰিত৷ গুৱাহাটী মহানগৰীত বন্ধৰ কোনো প্ৰভাৱ পৰা পৰিলক্ষিত হোৱা নাই৷ মহানগৰীত ব্যক্তিগত খণ্ডৰ চিটিবাছ, ট্ৰেকাৰ, মেজিক আদিৰ চলাচল পূৰ্বৰ দিনৰ দৰেই অব্যাহত আছে৷ মহানগৰীৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, প্ৰতিষ্ঠানসমূহতো কৰ্মচাৰীৰ উপস্থিতি যথোচিত পৰিলক্ষিত হৈছে৷ মহানগৰীৰ দোকান-পোহাৰসমূহো খোলা আছে৷
* ট্ৰাইবেল সংঘৰ অসম বন্ধৰ প্ৰভাৱ নাৰায়ণপুৰত সৰ্বাত্মক৷ ৰাজপথত যান-বাহনৰ চলাচল, দোকান-পোহাৰ বন্ধ৷ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত৷ বন্ধ সমৰ্থনকাৰীয়ে শিলগুটি দলিয়াই ভাঙিলে বাহন৷ প্ৰতিবাদকাৰীৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গ' বেক, মুৰ্দাবাদ ধ্বনি৷
* ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে জনজাতি সংগঠনসমূহৰ অসম বন্ধত নগাঁৱৰ গমাৰিআটিত বিক্ষিপ্ত ঘটনা৷ বন্ধ সমৰ্থকে ভাঙিলে ট্ৰাক৷
* সদৌ অসম ছাত্ৰ সংন্থাৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক ত্ৰিপুৰাত প্ৰৱেশত আৰক্ষীৰ বাধা৷ নেছ'ৰ অসম বন্ধত ৰাজ্যখনৰ খুমলুঙত আৰক্ষীৰ গুলীত আহত হোৱা ব্যক্তিৰ খবৰ ল'বলৈ গৈছিল ডঃ ভট্টাচাৰ্য৷
* ট্ৰাইবেল সংঘৰ অসম বন্ধত জোনাই, জাগীৰোডত বন্ধ সমৰ্থকৰ প্ৰতিবাদ৷ বাক্সা জিলাৰ মহৰীপাৰাত বন্ধ সমৰ্থকে ক্ষতিসাধন কৰিলে ট্ৰাকৰ৷
* সোণাৰিৰ বৰটিমন চাহবাগিচাৰ অপহৃত পৰিচালকক নগালেণ্ডৰ লুংগাবস্তিত মুক্তি৷ আলফাই অপহৰণ কৰি দীৰ্ঘদিন ধৰি নিজৰ জিম্মাত ৰাখিছিল৷ বৰ্তমান বাগিচাৰ পৰিচালক নোমল বৰুৱা নগালেণ্ডত আসাম ৰাইফলচৰ জিম্মাত৷
* গুৱাহাটীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা৷ গীতানগৰ আৰক্ষী থানাৰ সন্মুখত আৰক্ষীৰ বাহনত ট্ৰাকৰ খুন্দা৷ কথমপি প্ৰাণৰক্ষা আৰক্ষী আৰু পথচাৰীৰ৷
* নিউ গুৱাহাটীত দুস্কৃতিকাৰীয়ে জ্বলাই দিলে ভোগালী বিহুৰ ৩২ ফুট উচ্চতাৰ মেজি৷ স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া৷ শীঘ্ৰে দুস্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী৷
* ডঃ হীৰেন গোহাঁইৰ বাসগৃহত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰতিনিধিৰ দল৷ প্ৰদেশ কংগ্ৰেছ অধ্যক্ষ ৰিপুন বৰাৰ নেতৃত্বত ডঃ গোহাঁই বাসগৃহলৈ গৈছে দলটো৷
* কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা৷ বৰাক উপত্যকাৰ ৭৫ শতাংশ নাগৰিকে বিধেয়কখনৰ বিৰোধিতা কৰিছে বুলি মন্তব্য৷
* নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ ছাত্ৰ সংগঠন এনএছইউআইৰ মুণ্ডন কাৰ্যসূচী ৰূপায়ণ৷
- Log in to post comments
- 20 views