নাথ-যোগী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু নাগৰিকত্ব সংশোধনী বিধেধয়ক-২০১৬ বাতিলৰ দাবীত আজি সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাই বঙাইগাঁৱত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সংগঠনটোৰ বঙাইগাঁও জিলা সমিতিৰ সহযোগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ গান্ধী ময়দানত পুৱা ১১ বজাৰ পৰা দিনৰ ২ বজালৈ ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰা নেতা-কৰ্মীসকলে হাতে হাতে বিভন্ন দাবী সম্বলিত প্লেকাৰ্ডলৈ নাথ-যোগী জনগোষ্ঠীক জনজাতিকৰণ কৰক, জনজাতিকৰণ আমাক লাগিবই, ন' এছ টি ন' ৰেষ্ট, এছ টি আমাৰ নাৰ্য দাবী, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, উই ৱান এছ টি, ইনক্লাৱ জিন্দাবাদ, নৰেন্দ্ৰ মোডী হুচিয়াৰ, জাতীয় নায়ক মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, আছে হেংদাং লোৱা নাই, এই জুই জ্বলিছে জ্বলিবই, সংগ্ৰাম চলিছে চলিবই, আছে ত্ৰিশূল ধৰা নাই, ধৰিলে ৰক্ষা নাই আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷
ইপিনে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থকা সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকীয়াই দি কয় যে অনাগত দিনত এই নাথ-যোগী জনগোষ্ঠীটোৰ জনজাতিকৰণৰ বিষয়টো যদি চৰকাৰে সংসদত উত্থাপন নকৰে আৰু গুৰুত্বসহকাৰে নলয়, তেতিয়া হ'লে আমি ভয়নাক ৰূপত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ বাবে প্ৰস্তুত আছো ৷ কাৰণ আমি আন্দোলন কৰি আহিছো যদিও আমাৰ আন্দোলনক চৰকাৰে কোনো সহাৰি যোৱা নাই ৷
যোৱা ৩ মে'ত আমাৰ ৰাজ্য চৰকাৰৰ সৈতে এক আলোচনা অনুষ্ঠিত হৈছিল আৰু সেই আলোচনাতে আমাক তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে অতি সোনকালে তিনিজনীয়া এখন কমিটি গঠন কৰিব ৷ ইয়াৰ সমান্তৰালভাৱে আমাৰ যি দাবী সেই দাবীসমূহ অতি সোনকালে পূৰণ কৰিবলৈ চোষ্টা কৰিব ৷ কিন্তু আজি ৯মাহ উকলি যোৱাৰ পিচতো চৰকৰে কোনো ক্ষেত্ৰতে পদক্ষেপ গ্ৰহণ কৰা দেখা নাপালো ৷ আজি আমি অৰ্ধ উলংগ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা আছিল যদিও চৰকাৰ আৰু প্ৰশাসনৰ কথা মানি লৈ অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিছো ৷
অনাগত দিনত কিন্তু আমি আৰু চৰকাৰ তথা প্ৰশাসনৰ পৰা কোনো ধৰণৰ অনুমতি নিবিচাৰিম আৰু আমাৰ যি গণতান্ত্ৰিক আন্দোলন সেই আন্দোলনক জংগী ৰূপত গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছো ৷ লগতে অনাগত দিনত যদি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে আমাৰ জনগোষ্ঠীটোৰ জনজাতিকৰণৰ বিষয়টো গুৰুত্বসহকাৰে নলয় তেতিয়াহ'লে আমি ভয়ানকভাৱে গণতান্ত্ৰিক আন্দোলন কৰাৰ কাৰণে প্ৰস্তুত হৈ আছো বুলিও কয় ৷ ইপিনে নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত সাধাৰণ সম্পাদক নাথে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখন ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে জাপি দিব বিচাৰিছে আৰু লোকসভাত গৃহীত কৰিছে ৷
এই নাগৰিকত্ব সংশোধনী বিধেয়ক যেতিয়াই লোকসভাত উত্থাপন কৰিছে তেতিয়াই আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মহাপাপী আখ্যা দিছিলো আৰু সমান্তৰালভাৱে মৃত বুলি ঘোষণা কৰিছিলো ৷ এটা কথা স্পষ্ট যে আমি কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলওঁ ৷ অসমত যেতিয়া বিদেশী বহিস্কাৰ আন্দোলন হৈছিল তেতিয়া ৮৫৫ গৰাকী ছহিদৰ ভিতৰত ১৪০ গৰাকীয়ে আমাৰ নাথ-যোগী লোক ছহিদ হ'বলগীয়া হৈছিল ৷ সেয়ে এইবাৰ নাথ-যোগীসকল কেৱল ১৪০ জনেই নহয় বৰং এক লাখ চল্লিশ হেজাৰ নাথ-যোগী লোক আত্মজাহ দিবলৈ প্ৰস্তুত হৈছে ৷
আমি ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধ হৈ সংগ্ৰাম ইতিমধ্যে আৰম্ভ কৰিছো আৰু অসমীয়া জাতিটোক কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে আমাৰ অসমীয়া জাতিটোক নাঙঠ কৰিলে ৷ দিল্লীত ৭০টা সংগঠনে গৈ উলংগ প্ৰতিবাদ সাব্যস্ত কৰিছিলো যদিও কেন্দ্ৰীয় চৰকাৰখনে এই প্ৰতিবাদক গুৰুত্ব প্ৰদান নকৰি লোকসভাত উত্থাপন কৰিছে ৷ আমাৰ স্পষ্ট কথা কোনো কাৰণতে আমি এই বিধেয়কখন মানি নলওঁ আৰু অসমত বিদেশী মানি নলওঁ ৷
আমাৰ খিলঞ্জীয়াৰ অস্তিত্ব আৰু প্ৰভুত্ব জীয়াই থাকিব লাগিব আৰু তাৰ কাৰণে আমি ঐক্যবদ্ধভাৱে সংগ্ৰাম চলাই যাম বুলিও কয় ৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সংগঠনটোৰ উপ সভাপতি তৰংগ নাথ, সাংগঠনিক সম্পাদক জীবুৰাম নাথ, বঙাইগাঁও জিলা সমিতিৰ বিষয়ববীয়া আদিকে ধৰি ভালেসংখ্যক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ কাৰ্যসূচীৰ অন্তত সংগঠনটোৱে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰও প্ৰেৰণ কৰে ৷
- Log in to post comments
- 27 views