সংক্ষিপ্ত সংবাদ
* উত্তৰ গুৱাহাটীস্থিত ৰন্ধন গেছৰ বটলিং প্লেণ্টকে ধৰি ৰাজ্যৰ ১১টা বটলিং প্লেণ্টত অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ৷ ভোগালী বিহুত ৰাজ্যত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনিৰ আশংকা৷
* নগাঁও জিলাৰ পুৰণিগুদামত নিশা ভয়াৱহ পথ দুৰ্ঘটনা৷ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত নৈশ বাছ আৰু ট্ৰাকৰ সংঘৰ্ষ৷ ট্ৰাকৰ চালক নিহত, ৪জন আহত৷ তেজপুৰৰ পৰা গুৱাহাটীলৈ আহি আছিল নৈশ বাছখন৷
* ৰাম জন্মভূমি-বাবৰী মছজিদ বিবাদত বৃহস্পতিবাৰে উচ্চতম ন্যায়লয়ত শুনানী হয়৷ মুছলিম পক্ষৰ উকীল ৰাজীৱ ধৱনে সংবিধান পীঠ আৰু ন্যায়াধীশ ইউ ইউ ললিত সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাত উচ্চতম ন্যায়ালয়ে ২৯ জানুৱাৰীলৈকে বিবাদৰ বিচাৰ স্থগিত ৰাখে৷ এতিয়া ৫ জনীয়া বিচাৰপীঠত ন্যায়াধীশ ইউ ইউ ললিত নাথাকিব৷ নতুন বিচাৰপীঠ গঠন কৰা হ'ব৷
* আজি পুৱা জম্মু-কাশ্মীৰক জোকাৰি যায় ভূমিকম্পই৷ পুৱা ৮.২২ বজাত অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলৰ প্ৰাবল্য আছিল ৪.৬৷
* নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰোধীতাৰে আজি জনতা ভৱনৰ সন্মুখত ৭০টা জাতীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷ গামোচা প্ৰদৰ্শন কৰি অখিল গগৈকে ধৰি জাতীয় সংগঠনসমূহৰ নেতৃবৃন্দ আৰু সদস্যসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ আজি ৭০টা জাতীয় সংগঠনে পালন কৰিছে সংকল্প দিৱস৷ সকলো শ্ৰেণীৰ নাগৰিকক বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ জাতীয় সংগঠনসমূহৰ নেতৃবৃন্দৰ আহ্বান৷
- Log in to post comments
- 11 views