বঙাইগাঁৱত বিদ্যুৎ কৰ্মচাৰীৰ সৰ্বাত্মক ধৰ্মঘট

বঙাইগাঁৱত বিদ্যুৎ কৰ্মচাৰীৰ সৰ্বাত্মক ধৰ্মঘট

সৰ্বভাৰতীয় বিদ্যুৎ কৰ্মী আৰু অভিযন্তাৰ সমন্বয়ৰক্ষী সমিতিৰ আহ্বানক্ৰমে বঙাইগাঁৱতো বিদ্যুৎ কৰ্মচাৰীসকলে বিদ্যুৎ (সংশোধনী)  বিধেয়ক, ২০১৮ প্ৰত্যাহাৰ কৰা, অস্থায়ী কৰ্মীসকলৰ চাকৰি নিয়মীয়া কৰা, নতুন পেঞ্চন আঁচনি (এন পি এছ) বাতিল কৰি পূৰ্বৰ পেঞ্চন নীতি বাহাল ৰখা, সম-কামৰ বাবে সম-দৰমহা নীতি প্ৰযোজ্য কৰা, খালী পদত স্থায়ী নিযুক্তি দিয়া, কামৰ বোজা অনুসৰি নতুন পদ সৃষ্টি কৰা আদিকে ধৰি বাৰদফীয়া দাবীৰ সমৰ্থনত মঙলবাৰৰ পৰা ৪৮ ঘণ্টীয়া সৰ্বাত্মক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷ সৰ্বাত্মক ধৰ্মঘটৰ অংশ হিচাপে আজি আছাম ষ্টেট পাৱাৰ ৱ'ৰ্কার্ছ ইউনিয়নৰ উদ্যোগত বঙাইগাঁৱৰ দোলাইগাঁওস্থিত বঙাইগাঁও বৈদ্যুতিক চক্ৰ কাৰ্যালয় প্ৰাংগণত এক অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷

ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে বিদ্যুৎ বিধেয়ক, ২০১৮ প্ৰত্যাহাৰ কৰক, নতুন পেঞ্চন আঁচনি বাতলি কৰি পূৰ্ব্বৰ পেঞ্চন নীতি বাহাল ৰাখক, কামৰ বোজা অনুসৰি নতুন পদ সৃষ্টি কৰক, অস্থায়ী কৰ্মীসকলৰ চাকৰি নিয়মীয়া কৰক আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷ ইপিনে ধৰ্ণা কাৰ্যসূচীত উপস্থিত থকা আছাম ষ্টেট পাৱাৰ ৱ'ৰ্কাৰ্ছ ইউনিয়নৰ উপ-সাধাৰণ সম্পাদক অমিত কৰে কয় যে বিদ্যুৎ সংশোধনী বিধেয়ক, ২০১৮ৰ আমি তীব্ৰ বিৰোধিতা কৰিছো৷ কাৰণ এই বিধেয়কখন যদি গৃহীত হয় তেতিয়াহ'লে জনসাধাৰণৰ ওপৰত মাৰধমাৰ পৰিব৷ বিদ্যুতৰ মাচুল বৃদ্ধি হ'ব৷ লগতে ৰাজ্য চৰকাৰৰ যিখন ষ্টেট ৰেগুলেচন কমিটী আছে তাৰ অস্তিত্ব নাইকিয়া হ'ব আৰু কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ গুচি যাব৷

ফলত বিদ্যুতৰ মাচুল কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰিব আৰু বিদ্যুতৰ মাচুল দহ টকাৰ পৰা পোন্ধৰ টকালৈকে বৃদ্ধি পাব৷ বিদ্যুতৰ বিতৰণ দুটা ছেক্টৰত ভাগ কৰা হ'ব৷ গ্ৰাহক ৰাইজে আজি যেনেকৈ বি এছ এন এল, ভোডা, আইডিয়া ছীম ব্যৱহাৰ কৰি আছে, ঠিক তেনেকৈ গ্ৰাহকে পচন্দ অনুসৰি বাছনি কৰিব পাৰিব আৰু ইয়াৰ ফলত দি ঠকা ছাবছিডি বন্ধ কৰি দিব বুলিও কয়৷ তাৰোপৰি এই আইনৰ জৰিয়তে নিবনুৱাৰ সংখ্যা বৃদ্ধি পাব আৰু বিভাগত কৰি থকা অস্থায়ী কৰ্মীসকলৰ নিযুক্তিৰ নিৰাপত্তাৰ বিষয়তো এই আইনে একো নকয়৷ আজি সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যৰো অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে বুলি মন্তব্য কৰি আৰু কয় যে কৰ্মচাৰীসকলৰ পেঞ্চন আঁচনি বন্ধ কৰি নতুন পেঞ্চন আঁচনিৰ নামত কৰ্মচাৰীসকলৰ ভৱিষ্যৎ অন্ধকাৰলৈ ঠেলি দিয়া হৈছে৷

সামগ্ৰিকভাৱে এই বিদ্যুৎ সংশোধনী আইন, ২০১৮ দেশৰ বিদ্যুৎ খণ্ডৰ বাবে গঠনমূলক ন'হৈ ধ্বংসাত্মক ৰূপ হিচাপে বিবেচিত হৈছে বুলি কয়৷ আনহাতে, ধৰ্ণাস্থলীত উপস্থিত থকা কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অপূৰ্ব চৌধুৰীয়ে কয় যে চৰকাৰে এই সংশোধনী বিধেয়ক বাতিল নকৰিলে আগন্তুক সময়ছোৱাত ইয়াৰ বিৰুদ্ধে ভয়ংকৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম৷

Your Comments