দেশৰ ট্ৰেড ইউনিয়নসমূহৰ আহ্বানমৰ্মে কালিৰে পৰা সমগ্ৰ দেশব্যাপি অব্যাহত থকা সাধাৰণ ধৰ্মঘটৰ কাৰ্যসূচীৰ সময়ছোৱাৰ মাজতে আজি পুৱা বঙাইগাঁও সদৰ চহৰৰ মাজমজিয়াৰ উত্তৰ বঙাইগাঁৱত ধৰ্মঘটৰ একাংশ সমৰ্থকে 'প্ৰাগ নিউজ'ৰ সাংবাদিক তেজেশ ত্ৰিপাঠী আৰু 'অসমীয়া প্ৰতিদিন'ৰ সাংবাদিক ৰঞ্জিত কুমাৰ শৰ্মাক দুৰ্ব্যৱহাৰ কৰা আৰু সংবাদ সংগ্ৰহক লৈ বাক বিতণ্ডাত লিপ্ত হোৱা ঘটনাক বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়াৰ লগতে তীব্ৰ ভাষাৰে গৰিহণা দিছে ৷
তদুপৰি ধৰ্মঘট সফল কৰাৰ নামত স্কুল, কলেজৰ ছাত্ৰ-ছাত্ৰী, দূৰণিবটীয়া পথচাৰীক পণবন্দী কৰা কাৰ্যতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ লগতে বন্ধ, ধৰ্মঘট সফল কৰাৰ নামত সাধাৰণ শ্ৰেণীৰ ৰাইজৰ ওপৰত বিভিন্ন পক্ষই বল প্ৰয়োগ কৰা কাৰ্যত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবে গভীৰ উদ্বেগ প্ৰকাশ কৰে ৷
অনাগত সময়ত এনে গৰ্হিত কাৰ্যৰ পৰা আঁতৰি থাকি সন্মানজনক পৰিৱেশৰ মাজেৰে আন্দোলনৰ কাৰ্যসূচী সফল কৰিবলৈকো প্ৰেছ ক্লাবৰ সভাপতি সুজিৎ কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক উপানন্দ শৰ্মাই সকলো পক্ষকে ইয়াৰে আহ্বান জনায়৷ ইপিনে এই ঘটনাত দুখ প্ৰকাশ কৰিছে চি আই টি ইউ নেতা হৰেশ্বৰ দাসে৷
- Log in to post comments
- 6 views