নিউজ এএছএনৰ বাতৰিৰ প্ৰভাৱঃ তাৎক্ষণিকভাৱে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ বিভাগৰ

 খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ বিভাগৰ

কামৰূপ জিলাৰ ৰঙিয়াৰ মাজেৰে বৈ যোৱা বৰলীয়া নদীৰ গৰাখহনীয়াই ৰঙিয়া চহৰৰ সমীপৱৰ্তী বালাগাওঁ গড়ভিতৰ আদি অঞ্চলত ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ বাতৰি  যোৱা কালি নিউজ এএছএনত প্ৰকাশ পোৱাৰ পিছতে জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা সহ বিভাগটোৰ কৰ্মচাৰীৰ এটা দল আজি খহনীয়া আক্ৰান্ত অঞ্চলটোত উপস্থিত হৈ তাৎক্ষণিক ভাৱে ব্যৱস্থা লোৱা পৰিলক্ষিত হয়।

 খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ বিভাগৰ

এই সম্পৰ্কত ৰঙিয়া জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা মুকুল বৰাই জানিবলৈ দি এই প্ৰতিবেদকক কয় যে বাৰিষাৰ সময়ত অঞ্চল বিশেষে গৰাখহনীয়াৰ সৃষ্টি হোৱাৰ লেখীয়াকৈ ইয়াতো খহনীয়াৰ সৃষ্টি হৈছে। আমাৰ বিভাগৰ পৰা খহনীয়া আক্ৰান্ত এই অঞ্চল সমূহত বাঁহেৰে নিৰ্মিত গড় মাৰি গৰাখহনীয়া ৰোধ কৰাৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছো।বাৰিষা যোৱাৰ পিছত আমি স্থায়ীকৈ গৰাখহনীয়া ৰোধৰ ব্যৱস্থা লম।

 খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ বিভাগৰ

ইয়াতকৈ আৰু বেছি মাটি যাতে খহি  যাব নোৱাৰে তাৰ বাবেই এই তাৎক্ষণিক ব্যৱস্থা লোৱা বুলি অভিযন্তা গৰাকীয়ে জানিবলৈ দিয়ে। অঞ্চলতটোত হৈ থকা এই ব্যাপক খহনীয়াৰ পিছত  প্ৰতিৰোধৰ বাবে বিভাগে  গ্ৰহণ কৰা আজিৰ এই পদক্ষেপত অঞ্চলবাসীয়ে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে নিউজ এএছএনকো ধন্যবাদ জ্ঞাপন কৰে।

Your Comments