শিক্ষাৰ ক্ষেত্ৰত পুৰুষৰ সমানে নাৰীকো আগবঢ়াই নিব লাগিব : ডঃ হাছিনুচ চুলতান

 শিক্ষাৰ ক্ষেত্ৰত পুৰুষৰ সমানে নাৰীকো আগবঢ়াই নিব লাগিব : ডঃ হাছিনুচ চুলতান

ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ

ডবকাৰ ভিতৰুৱা গাঁও দক্ষিণ আমবাৰীত আজি এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ উদ্বোধন কৰা হয়৷ এই উপলক্ষে আজি বিদ্যালয় প্ৰাঙ্গণত এখনি সভাৰ আয়োজন কৰা হয়৷ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল মতিন লস্কৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ প্ৰাৰম্ভতে নতুনকৈ স্থাপিত বিদ্যালয়খনৰ ফিটা কাটি শুভ উদ্বোধন কৰে ডবকা হাজী আনফৰ আলী কলেজৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ডঃ হাচিনুচ চুলতানে৷

তাৰ পিছতে মুকলি সভা অনুষ্ঠিত হয়৷ বিদ্যালয়খনৰ অধ্যক্ষ শ্বাহিদুজ্জামানে উদ্দেশ্য ব্যাখ্যা কৰা আৰু পাৰবেজ আহমেদে আঁতধৰা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডঃ হাছিনুছ চুলতান৷ ডঃ চুলতানে নিজৰ ভাষণত পুৰুষৰ সমানে নাৰী সমাজক শিক্ষাৰ ক্ষেত্ৰখনত আগবঢ়াই নিবলৈ উদাত্ত আহ্বান জনায়৷

 শিক্ষাৰ ক্ষেত্ৰত পুৰুষৰ সমানে নাৰীকো আগবঢ়াই নিব লাগিব : ডঃ হাছিনুচ চুলতান

উদাৰীকৰণ আৰু নব্য উদাৰ আৰ্থিক নীতিয়ে সকলোতকৈ বেছি শিক্ষা ক্ষেত্ৰখনক প্ৰভাৱান্বিত কৰিছে বুলিও হাছিনুচ চুলতানে নিজৰ উদ্বেগ প্ৰকাশ কৰে৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে হোজাইৰ আজমল ফাউণ্ডেচনৰ মহা প্ৰবন্ধক খছৰুল ইছলাম, হোজাইৰ মৰ্কজুল মাৰিফৰ কাৰ্যকৰী সভাপতি শ্বামচুল হক চৌধুৰী, ডঃ ৰাজী আহমেদ, লংকা স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ডাঃ শ্বৰিফ মহচিন, ডবকাৰ স্থানীয় সাংবাদিক জমিৰ উদ্দিন তালুকদাৰ, আনফৰ আলী কলেজৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপক ফখৰ উদ্দিন, বিশিষ্ট ইছলামী পণ্ডিত মাহমুদ আলী, অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া হুছেইন আহমেদ চৌধুৰী, শিক্ষক ৰফিক উদ্দিনে ভাষণ আগবঢ়ায়৷ সভাখনত আল আমিন একাডেমীৰ শিক্ষক সমন্বিতে স্থানীয় শতাধিক শিক্ষাপ্ৰেমী ৰাইজ উপস্থিত থাকে৷

Your Comments