জন্মদাতা ভগৱানক গুৰু মানিব লাগিব : মৃণালিনী দেৱী

জন্মদাতা ভগৱানক গুৰু মানিব লাগিব : মৃণালিনী দেৱী

নলবাৰীৰ পৰা হেমন্ত কলিতা

গুৰু ব্যতিৰেকে পৃথিৱীত আমি পদাৰ্পণ কৰিব নোৱাৰো। প্ৰথমে পিতৃ-মাতৃ আৰু তাৰ পাছতে শিক্ষাগুৰুক আমি গুৰু হিচাপে গ্ৰহণ কৰিব লাগিব। কিন্তু ইয়াৰ আগতে জন্মদাতা ভগৱানক গুৰু মানিব লাগিব। যিসময়ত সমাজ অস্হিৰ তথা বিশৃংখল হৈ পৰে, তেতিয়াই  একোগৰাকী মহাপুৰুষৰ জন্ম হয়।

তেনেদৰে শংকৰ-মাধৱ, দামোদৰ-হৰি গুৰুজনাই সমাজৰ বিশৃংখলতাৰ সময়ত প্ৰতিটো প্ৰজন্মক ঐক্যবদ্ধ কৰি এখন সুস্থ-সবল সমাজ গঠনত অনন্য ভূমিকা লৈছিল। এই মন্তব্য অসম সংস্কৃতি সাহিত্য সভাৰ সভানেত্ৰী তথা কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভানেত্ৰী মৃণালিনী দেৱীৰ।

জন্মদাতা ভগৱানক গুৰু মানিব লাগিব : মৃণালিনী দেৱী

আজি নলবাৰী জিলাৰ বাঁহজানী অময়াপুৰৰ ড্ৰিমলেণ্ড বিবাহ ভৱনত  আয়োজিত উত্তৰ-পূব ভাৰতৰ দেৱদামোদৰ সংঘৰ যুৱ আৰু মহিলা মঞ্চৰ উদ্যোগত দেওবাৰৰ পৰা আৰম্ভ হোৱা যুৱ আৰু মহিলা  অভিবৰ্তনৰ মুকলি সভা, সম্বৰ্ধনা অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি এইদৰে কয় মৃণালিনী দেৱীয়ে।

সংঘৰ সভাপতি যুগল চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত আৰু সম্পাদক শচীন্দ্ৰ শৰ্মাই আঁতধৰা সভাত অসম আৰক্ষীৰ অৱসৰী বিষয়া পবিত্ৰ শৰ্মা, গৱেষক ডঃ গিৰিশ শৰ্মা, সংঘৰ কাৰ্যকৰী সভাপতি নৃপেন্দ্ৰ নাথ শৰ্মা, প্ৰাক্তন সংস্কৃতি বোৰ্ডৰ উপ-সঞ্চালক ডঃ বিমল কৃষ্ণ ভট্টাচাৰ্য, নাৰায়ণ শৰ্মা শাস্ত্ৰী আদি বহুকেইজন লোকে ভাষণ ৰাখে।

উক্ত সভাতে বিশেষভাৱে অক্ষম সংগ্ৰামী যুৱতী প্ৰীঞ্চি গগৈয়ে দুই ভৰিৰে এখন ছবি আঁকি সভাৰ ৰাইজক মুগ্ধ কৰে। আনহাতে, অনুষ্ঠানত বিভিন্ন দিশৰ পোন্ধৰগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে দীপক শৰ্মা শাস্ত্ৰীৰ সংকলিত 'শ্ৰীশিবৰ সহস্ৰ নাম' আৰু ডঃ বিমল কৃষ্ণ ভট্টাচাৰ্যৰ 'আধুনিক সংস্কৃত অসমীয়া  অভিধান' শীৰ্ষক গ্ৰন্থ দুখন সাংবাদিক কনক কলিতাই উন্মোচন কৰে।

Your Comments