কলাইগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অবিৰত ধৰ্মঘট যুৱ-ছাত্ৰ পৰিষদৰ

কলাইগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অবিৰত ধৰ্মঘট যুৱ-ছাত্ৰ পৰিষদৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত অসম জ্বলি থকাৰ সময়তে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কলাইগাঁও আঞ্চলিক সমিতিয়ে আজিৰে পৰা অবিৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী আৰম্ভ কৰিছে।

কলাইগাঁও আঞ্চলিক সমিতিৰ সভাপতি দ্বীপজ‍্যোতি শৰ্মা আৰু সাধাৰণ সম্পাদক পংকজ চহৰীয়াৰ নেতৃত্বত শতাধিক কৰ্মীৰ উপস্থিতিত অবিৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদকাৰীয়ে নৰেন্দ্ৰ মোডী হায় হায়, বিজেপি গ' বেক, অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, আমাৰ দাবী মানিবই লাগিব, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল হ'ব লাগিবই আদি শ্লোগান দি কলাইগাঁৱৰ আকাশ-বতাহ কঁপাই তোলে।

Your Comments