নাৰায়ণপুৰত জৈৱিক পদ্ধতিৰে ৰবি খেতি : আদৰ বাঢ়িছে বৃক্ষ বন্ধু লীলা হাজৰিকাৰ 

s

নাৰায়ণপুৰৰ এটা বে-চৰকাৰী সংস্থা নাম সালোক্য সেৱা কানন । যি সময়ত ৰাজ্যখনৰ চুকে-কোণে গঢ়ি উঠিছে বিষাক্ত ৰাসায়নিক সাৰ প্ৰয়োগ কৰা বৃহৎ সংখ্যক কৃষি ফাৰ্ম তাৰ বিপৰীতে এই সংস্থাটোৰ সদস্যসকলে আৰম্ভ কৰিছে জৈৱিক সাৰ প্ৰয়োগেৰে ৰবি শস্যৰ খেতি । নাৰায়ণপুৰৰ বৰলাপাৰ গাঁৱৰ বিশিষ্ট কৃষক তথা বৃক্ষ বন্ধু হিচাপে পৰিচিত লীলা হাজৰিকাৰ নিজা বাৰীত ব্যতিক্ৰমী পদক্ষেপেৰে আৰম্ভ কৰা এই কৃষি ফাৰ্মখনত ফুল, বন্ধা, ওল কবিৰ লগতে মূলা, বেঙেনা, জলকীয়া, পালেং, পিঁয়াজ আদি জৈৱিক পদ্ধতিৰে কৰা সেউজীয়া খেতিৰে উপচি পৰা দেখা গৈছে ।

a

২০১৬ বৰ্ষত জন্ম লাভ কৰা সালোক্য সেৱা কানন নামৰ সংস্থাটোৰ সভাপতি লীলা হাজৰিকাৰ শ্ৰমৰ বিনিময়ত গঢ়ি উঠা কৃষি ফাৰ্মখনৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজক ৰাসায়নিক সাৰ প্ৰয়োগেৰে কৰা কৃষি মানুহৰ দেহৰ বাবে কিমান বিপজ্জনক তাৰ সম্পৰ্কত সজাগতা সৃষ্টি কৰিব খুজিছে সংস্থাটোৱে । এই কৃষি বাৰীখন বেচৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ নেতৃবৰ্গই এক ব্যতিক্ৰমী ব্যৱস্থাৰে শুভ উদ্বোধন কৰি বিপননৰ বাবে মুকলি কৰি দিয়ে ।

আনহাতে কৃষকগৰাকীৰ বাৰীখনত বিভিন্ন তৰহৰ ৰবি শস্যৰ উপৰি পান-তামোল, নাৰিকলৰ লগতে অমিতা খেতিও কৰিছে কৃষকগৰাকীয়ে । দৰিদ্ৰ কৃষকগৰাকীয়ে পোক-পতংগ নিৰ্মূলৰ বাবে বাৰীখনৰ চাৰিওফালে ৰোপণ কৰিছে নিম গছ । এক কথাত ক'বলৈ গ'লে এখন সৰ্বাংগ সুন্দৰ বাৰী গঢ়ি তুলিছে কৃষকগৰাকীয়ে ।

কিন্তু দুৰ্ভাগ্যজনক কথা যে বছৰ বছৰ ধৰি বিভিন্ন খেতি কৰি অহা কৃষকগৰাকীয়ে ৰাজ্যৰ কৃষি বিভাগৰ পৰা আজিকোপতি সুবিধাৰ নামত ফুটাকৰি এটাও লাভ কৰিবলৈ সক্ষম হোৱা নাই । বৃক্ষবন্ধু লীলা হাজৰিকাই ইতিমধ্যে নিজা প্ৰচেষ্টাৰে অঞ্চলটোৰ বিভিন্ন ধৰ্মীয় আৰু সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে কেইবাটাও ৰাজপথৰ দাঁতিত মূল্যবান গছ আৰু ফলাহাৰ পুলি ৰোপণ কৰি অঞ্চলটোত এক সেউজ বিপ্লৱ সূচনা কৰিছে ৷ কৃষকজনৰ এই মহৎ কৰ্মই অঞ্চলটোৰ অন্য কৃষকসকলকো জৈৱিক পদ্ধতিৰ খেতিৰ প্ৰতি আকৰ্ষিত কৰা দেখা গৈছে ৷

Your Comments