বঙাইগাঁৱত অম্বিকাচৰণ চৌধুৰীৰ সপ্তম বাৰ্ষিক স্মৃতি দিৱস উদ্‌যাপন

d

বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু নৰ্থ বঙাইগাঁও শাখা সাহিত্য সভাৰ সহযোগত আজি নৰ্থ বঙাইগাঁৱৰ অসম কৃষ্টি বিকাশ সংঘত কামতা সাহিত্য ৰত্ন অম্বিকাচৰণ চৌধুৰীৰ সপ্তম বাৰ্ষিক স্মৃতি দিৱস উদযাপন কৰা হয়। তদুপলক্ষে পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে নৰ্থ বঙাইগাঁও শাখা সাহিত্য সভাৰ সভাপতি নীৰেণ চন্দ্র দাসে ৷

আনহাতে বিয়লি ২ বজাত অম্বিকাচৰণ চৌধুৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে ক্ৰমে বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক বিক্ৰম মেধি  আৰু অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ডঃ হিতেশ দাসে।

a

ইয়াৰ পিচতে অনুষ্ঠিত হয় স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভা। বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাসৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, কাব্যনিধি মুকুন্দ শৰ্মাই মুখ্য অতিথি, বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিচিত্ৰ শৰ্মাই নিৰ্দিষ্ট বক্তা আৰু অসম সাহিত্য সভাৰ কেন্দ্রীয় কাৰ্যনিৰ্বাহক কামাখ্যা প্ৰসাদ ৰায় আৰু নৰ্থ বঙাইগাঁও শাখা সাহিত্য সভাৰ সভাপতি নীৰেণ চন্দ্ৰ দাসে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ৷

একেখন সভাত বিশিষ্ট সাহিত্যিক কানাইলাল দাসৰ 'জীৱনত বুটলা ধনৰ একোৱেই নহয় বৈৰ্জ্য 'শীৰ্ষক গ্ৰন্থ উন্মোচনখন কৰে কাব্যনিধি মুকুন্দ শৰ্মাই । অনহাতে সভাত সৃজনগ্ৰাম শতদল শাখা সাহিত্য সভাৰ বাৰ্ষিক মুখপত্ৰ 'কাঁচলি ' উন্মোচন কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ডঃ হিতেশ দাসে।
 

Your Comments