বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক সাধাৰণ সভাখন দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ অধিৱেশন উপলক্ষে পুৱা আছুৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী মুকলি কৰে বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কুলজিৎ ৰায়ে আৰু ছহিদ তৰ্পণ কৰে আঞ্চলিক সমিতিখনৰ সাধাৰণ সম্পাদক জগদীশ ৰায়ে ৷
ইয়াৰ পিচতে দুপৰীয়াৰ ভাগত অনুষ্ঠিত হয় বাৰ্ষিক সাধাৰণ সভা ৷ ছিপনছিলা মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত আঞ্চলিক সমিতিৰ সভাপতি কুলজিৎ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক জগদীশ ৰায়ে ৷
সভাত আঞ্চলিক সমিতিখনে বিগত কাৰ্যকালত স্থানীয় সমস্যাৰ লগতে অসমৰ জাতীয় স্বাৰ্থত গ্ৰহণ কৰা স্থিতি আৰু কাৰ্যসূচীসমূহৰ বিষয়ে আলোকপাত কৰে ৷ পিচত সদৌ অসম ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক অঞ্জন কলিতাৰ সভাপতিত্বত আঞ্চলিক সমিতিৰ বিষয় বাছনি সভা অনুষ্ঠিত হয় ৷
বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি পাৰ্থজিৎ ৰায় আৰু সাধাৰণ সম্পাদক মথুৰা বৰ্মনৰ লগতে জিলা সমিতিৰ উপদেষ্টা পুলেন ৰাজবংশী, উপ-সভাপতি নৃপেন ৰায়, দেৱানন্দ ৰায়, শিক্ষা সম্পাদক আব্দুল লতিফ, সাহিত্য সম্পাদক কল্যাণ বৰুৱা আৰু সাংগঠনিক সম্পাদক সুদীপ্ত চন্দই পৰ্যবেক্ষক হিচাপে উপস্থিত থকা সভাত পুনৰ আগন্তুক কাৰ্যকালৰ বাবে কুলজিৎ ৰায়ক সভাপতি আৰু জগদীশ ৰায়ক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১জনীয়া বঙাইগাঁও আঞ্চলিক সমিতিখন নতুনকৈ গঠন কৰা হয় ৷
- Log in to post comments
- 19 views