গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ জৰুৰীকালীন কাৰ্যনিৰ্বাহক

গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ জৰুৰীকালীন কাৰ্যনিৰ্বাহক

আজি গহপুৰ ছহিদ ভৱনত গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এখন জৰুৰীকালীন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । উক্ত সভাত গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা অৰুণ মহন্তই সাংগঠনিক দিশৰ ওপৰত মন্তব্য প্ৰদান কৰে ৷

গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ জৰুৰীকালীন কাৰ্যনিৰ্বাহক

লগতে গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি বৰাই অসমৰ জ্বলন্ত সমস্যাসমূহৰ লগতে ভৱিষ্যতে গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাই কেনেধৰণৰ কাৰ্যসূচী হাতত ল'ব লাগে তাৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ জৰুৰীকালীন কাৰ্যনিৰ্বাহক

উক্ত সভাতে গহপুৰ আঞ্চলিক ছাত্ৰ সন্থাত নতুনকৈ বিতু বৰা (শিক্ষা), বিতোপন শইকীয়া (তথ্য), গৌৰৱ ঘোষ (সাহিত্য), নৱজ্যোতি দাস (ক্ৰীড়া), আনন্দ দাস, মাইকেল ৱাৰী, পৰাগজ্যোতি ৰাজখোৱা (সাংগঠনিক), বিকাশ বড়ো (মুখ্য সাংগঠনিক), নিখিলজ্যোতি দাসক (কাৰ্যালয়) সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয় ৷

Your Comments