চিকিৎসকৰ অনুপস্থিতিক লৈ জাজৰি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি : ৰাইজে ওলোমালে তলা

চিকিৎসকৰ অনুপস্থিতিক লৈ জাজৰি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি : ৰাইজে ওলোমালে তলা

নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিম প্ৰান্তৰ জাজৰি ৰাজ্যিক চিকিৎসালত আজি পুৱা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । দীৰ্ঘদিন ধৰি চিকিৎসালয়খনত নিযুক্ত চিকিৎসকগৰাকী উপস্থিত নথকাক লৈ ৰাইজে উত্তাল কৰি তোলে চিকিৎসালয়খনৰ চৌহদ ।

লগতে চিকিৎসালয়খনৰ শৌচাগাৰৰ টেংকিত আজি ৰাইজে দ'মে দ'মে চৰকাৰী বিনামূলীয়া ঔষধ উদ্ধাৰ কৰাক লৈ উত্তেজনাৰ সৃষ্টি হয় । স্থানীয় একাংশ ক্ষুব্ধ ৰাইজে চিকিৎসালয়খনৰ প্ৰৱেশদ্বাৰত তলা লগাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, জাজৰি চিকিৎসালয়লৈ চিকিৎসাৰ বাবে অহা ৰোগীয়ে ন্যূনতম চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'বলগা হয় । তাৰোপৰি, বিগত পাঁচ বছৰে চিকিৎসালয়খনলৈ অহা নাই ইয়াৰ চিকিৎসকগৰাকী ।

যাৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ হাতীচোং আৰু শিলপুখুৰী মৌজাৰ ১০ সহস্ৰাধিক লোকে ন্যূনতম চিকিৎসা লাভৰ পৰা বঞ্চিত হৈ আহিছে । স্থানীয় ৰাইজে চিকিৎসালয়খনত চিকিৎসক নথকা, পৰ্যাপ্ত ঔষধৰ নাটনি আৰু আন্তঃগাঁথনিৰ অভাৱৰ বিষয়ে স্থানীয় বিধায়িকাক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো কোনো সুফল নোপোৱাত অৱশেষত স্থানীয় ৰাইজে আজি চিকিৎসালয়খনত তলাবন্ধ কৰি দিয়ে ।

Your Comments