বঙাইগাঁৱত বিস্ফোৰক সামগ্ৰী মজুতকৰণ-বিক্ৰীৰ ৫৮ অনুজ্ঞা-পত্ৰ বাতিল

বঙাইগাঁৱত বিস্ফোৰক সামগ্ৰী মজুতকৰণ-বিক্ৰীৰ ৫৮ অনুজ্ঞা-পত্ৰ বাতিল

ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া নিৰ্দিষ্ট সময়সীমাৰ বাহিৰত যধেমধে ফটকা ফুটাই দুৰ্ঘটনা বা হুলুস্থূলীয়া পৰিৱেশ সৃষ্টি কৰালৈ লক্ষ্য কৰি তথা ৰাজহুৱা স্বাৰ্থলৈ চাই যোৱা ৫ নৱেম্বৰত বঙাইগাঁও জিলা দণ্ডাধীশে ২০০৮ চনৰ বিস্ফোৰক দ্ৰব্য আইনৰ অধীনত ৫৮জন লোকক যি অস্থায়ী অনুজ্ঞা-পত্ৰ প্ৰদান কৰিছিল সেইবোৰ আজি বাতিল কৰিছে ৷

সেয়ে এতিয়াৰে পৰা তেওঁলোকে অস্থায়ীভাৱে পোৱা অনুজ্ঞা-পত্ৰৰ অধীনত কোনো বিস্ফোৰক সামগ্ৰী মজুত কৰি ৰাখিব বা বিক্ৰী কৰিব নোৱাৰিব ৷ এই আদেশ অমান্য কৰিলে আইনগত ব্যৱস্থা লোৱা হ'ব বুলি জিলা তথ্য আৰু জনসংযোগ বিভাগে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ টোকাত উল্লেখ কৰা হৈছে ৷

Your Comments