মৰিগাঁৱৰ পৰা জিতুমনি নাথ
মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ বাকীজাঁই শাখাৰ এগৰাকী কনিষ্ঠ সহায়কে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থীৰ পৰা বাকীজাঁইৰ প্ৰমাণ-পত্ৰ দিয়াৰ নামত ব্যাপক হাৰত উৎকোচ লৈ আজি হাতে-লোটে ধৰা পৰি নিলম্বিত হ'বলগা হোৱা ঘটনাই মৰিগাঁৱত তীব্ৰ চাঞ্চল্যৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
উৎকোচ লৈ নিলম্বিত হ'বলগীয়া হোৱা কনিষ্ঠ সহায়কজন হৈছে মকিবুৰ ৰহমান । প্ৰাপ্ত অভিযোগ অনুসৰি, উপায়ুক্ত কাৰ্যালয়ৰ বাকীজাঁই শাখাৰ এইগৰাকী কনিষ্ঠ সহায়কে আজি দীৰ্ঘদিনীয়াকৈ কাৰ্যালয়টোত চলাই আহিছিল উৎকোচৰ বেহা । ইয়াৰ মাজতে আগন্তক পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া প্ৰাৰ্থীসকলৰ পৰা বাকীজাঁইৰ প্ৰমাণ-পত্ৰ দিয়াৰ নামত ৫০০-১০০০ টকা সংগ্ৰহ কৰি আছিল ।
কৰ্মচাৰীজনৰ এই ধন সংগ্ৰহৰ অভিযোগ বিয়পি পৰাৰ পিছত প্ৰমাণ-পত্ৰ বিচাৰি অহা এজন ব্যক্তিৰ পৰা প্ৰমাণ-পত্ৰ দিয়াৰ নামত কৰ্মচাৰীজনে ধন লৈ থকা অৱস্থাত সমগ্ৰ দৃশ্য গোপন কেমেৰাত বন্দী হৈ পৰে । আৰু এই ভিডিঅ'টো ভাইৰেল হৈ পৰাত জিলা উপায়ুক্ত ৰিতুৰাজ বৰাই তাৎক্ষণিকভাৱে নিলম্বিত কৰে বাকীজাঁই শাখাৰ কনিষ্ঠ সহায়ক মকিবুৰ ৰহমানক ।
সমগ্ৰ ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়া জিলা উপায়ুক্ত ৰিতুৰাজ বৰাই এই ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে অতিৰিক্ত উপায়ুক্ত লক্ষীনন্দন চহৰীয়াক । উল্লেখ্য যে উপায়ুক্ত কাৰ্যালয়ৰ বাকীজাঁই শাখাত উৎকোচ লৈ নিলম্বিত হোৱা এইজন কৰ্মচাৰী পূৰ্বতেও এনে অভিযোগতে নিলম্বিত হ'বলগাত পৰিছিল বুলি জানিব পৰা গৈছে।
তাৎপৰ্যপূৰ্ণ যে মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত কেইবাজনো বিষয়া-কৰ্মচাৰীৰ সহযোগত আজি দীৰ্ঘদিনীয়াকৈ কেইবাটাও বিভাগত উৎকোচৰ বেহা চলি আছে যদিও নৱনিযুক্ত উপায়ুক্তগৰাকীয়ে এই চক্ৰটোক কিদৰে নিয়ন্ত্ৰণ কৰে সেয়া হ'ব লক্ষণীয় ।
- Log in to post comments
- 24 views