ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ
হোজাই জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অন্তৰ্গত যমুনামুখৰ ভেদৌআটিত সুলভ মূল্যৰ দোকানী আব্দুল ৱাহিদ লস্কৰৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল ৷ অভিযোগ অনুসৰি সুলভ মূল্যৰ দোকানীজনে যোৱা আগষ্ট মাহৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনৰ সুলভ মূল্যৰ চাউল হিতাধিকাৰীৰ মাজত বিতৰণ নকৰি আত্মসাৎ কৰা বুলি অভিযোগ উঠিছিল ৷
সেই অভিযোগক হোজাই যোগান বিভাগে গুৰুত্ব প্ৰদান কৰি আজি চৰজমিন তদন্তৰ বাবে স্থানীয় ভেদৌআটি গাঁৱত উপস্থিত হয় হোজাই যোগান বিভাগৰ উপ-পৰিদৰ্শকদ্বয় আয়েশ্বা চুলতানা চৌধুৰী আৰু নিতুল শৰ্মা ৷
চৰজমিন তদন্তৰ সময়ত গাঁওখনৰ ৫৭গৰাকী হিতাধিকাৰীয়ে যোৱা আগষ্ট মাহত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চৰকাৰী চাউল নোপোৱা বুলি তদন্তকাৰী বিষয়াৰ সন্মুখত অভিযোগ দিয়ে ৷ ৰাইজে স্থানীয় সুলভ মূল্যৰ দোকানী আব্দুল ৱাহিদৰ বিৰুদ্ধে বিষয়াদ্বয়ৰ সন্মুখত অভিযোগ দিয়াৰ লগতে যোৱা আগষ্ট মাহত এইটো অঞ্চলৰ যোগান বিভাগৰ পৰিদৰ্শকৰ দায়িত্বত থকা নেকিব খানৰ বিৰুদ্ধেও ক্ষোভ উজাৰে ৷
উল্লেখ্য, ৰাইজৰ সাক্ষ্য গ্ৰহণৰ পিচত দুৰ্নীতিগ্ৰস্ত সুলভ মূল্যৰ দোকানী আব্দুল ৱাহিদ লস্কৰৰ নিলম্বন এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷ আনহাতে, এটা স্বাৰ্থান্বেষী চক্ৰই যোগান বিভাগৰ উপ-পৰিদৰ্শক আয়েশ্বা চুলতানা চৌধুৰীক ভেদৌআটি গাঁৱৰ পৰিদৰ্শকৰ দায়িত্বত নথকা সত্ত্বেও তেওঁৰ বিৰুদ্ধে কেতবোৰ ভুৱা অপপ্ৰচাৰ চলায় ৷
উপ-পৰিদৰ্শক আয়েশ্বা চৌধুৰীয়ে দুৰ্নীতিগ্ৰস্ত এজেণ্ট আব্দুল ৱাহিদৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে ৷ দুৰ্নীতিগ্ৰস্ত সমবায় এজেণ্টজনৰ বিৰুদ্ধে যোগান বিভাগৰ উপ-পৰিদৰ্শকগৰাকীয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰাত একাংশ দালাল প্ৰকৃতিৰ লোকে তেওঁৰ বিৰুদ্ধে নানা ধৰণৰ অপপ্ৰচাৰত লিপ্ত হৈছে ৷
এটা চক্ৰই ধনদাবী কৰাৰো অভিযোগ পোহৰলৈ আহিছে ৷ সি যিয়েই নহওক, দুৰ্নীতিত লিপ্ত সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে যোগান বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে ৷
- Log in to post comments
- 10 views