বিশ্বনাথত বলিছে  নিৰ্বাচনী বতাহ  : খহনীয়া অব্যাহত প্ৰাক্তন মন্ত্ৰী নুৰজামালৰ দুৰ্গত

s

বিশ্বনাথ চাৰিআলি ভাস্কৰ দাস

পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি বিশ্বনাথত  বলিচে নিৰ্বাচনী বতাহ ৷ বিশ্বনাথত শেহতীয়াকৈ বিজেপিৰ ভেটি অধিক শক্তিশালী হোৱা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ বিজেপিৰ প্ৰতি আস্থা বৃদ্ধি পাইছে ৷ কেইদিনমান পূৰ্বে বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুৰুআটিত পাঁচ শতাধিক সংখ্যালঘু ৰাইজে বিজেপিত যোগদান কৰাৰ পিচত সম্প্ৰতি দৈনিক বিজেপিত যোগদান কৰি আছে সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন ঠাইৰ সংখ্যালঘু ৰাইজে ৷

শনিবাৰে নিশা দুপৰলৈকে বিধায়ক প্ৰমোদ বৰঠাকুৰৰ ঘৰত দেখিবলৈ পোৱা গ'ল সংখ্যালঘু ৰাইজৰ ভিৰ ৷ সমষ্টিটোৰ অন্তৰ্গত চোৱাগুৰি, কৰৈয়নি, বল'ডোঙা আদি স্থানৰ পৰা অহা কেইবা শতাধিক লোক আহি বিধায়কৰ বাসগৃহত উপস্থিত হৈ যোগদান কৰিলে বিজেপিত ৷ কুৰুআতি-পলসনি সংযোগী এখন দলংঙেই এতিয়া সলনি কৰাৰ পথত বিশ্বনাথ বিধানসভা সমষ্টিৰ ৰাজনীতি ৷

সংখ্যালঘু ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্যৰাখি বিধায়ক প্ৰমোদ বৰঠাকুৰে দলংখনৰ আধাৰশিলা কৰাৰ পিচতেই প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰৰ ভোট বেংক হিচাপে পৰিচিত সংখ্যালঘু অঞ্চলত অৱ্যাহত আছে খহনীয়া ৷ সংখ্যালঘু অঞ্চলৰ প্ৰতি বিধায়ক প্ৰমোদ বৰঠাকুৰে দিয়া গুৰুত্বৰ বাবে বিজেপি দল তথা বিধায়ক গৰাকীৰ প্ৰতি আস্থা বৃদ্ধি পাইছে ৰাইজৰ ৷ 

Your Comments