কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ
"মানুহে মানুহৰ বাবে" শীৰ্যক ৰাজ্যিক মানৱ অধিকাৰ কৰ্মী সন্মিলনৰ এখনি আলোচনা সভা আজি নগাঁও জিলাৰ পুৰণিগুদাম টাউনত অনুষ্ঠিত হয়। সঞ্চালক পল্লৱ বৰবৰাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনিত নাগৰিক সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি জাতিধংসী বিধেয়কখন বাতিল কৰা, ঢলা হত্যাকাণ্ড আৰু যোৰহাট মেডিকেল কলেজ চিকিৎসালয়ত যোৱা কেইদিনত ১৮টা নৱজাতকৰ মৃত্যু হোৱা ঘটনাৰ ন্যায়িক তদন্তৰ ব্যৱস্থাৰ কৰি দোষীসকলক দৃষ্টান্ত মূলক শাস্তি দিয়াৰ লগতে দুৰ্ভগীয়া পৰিয়ালকেইটিক উপযুক্ত খতি পূৰণ দিবলৈ আৰু দেশৰ বিভিন্ন ৰাজ্যত অধিকাৰ আন্দোলনৰ নেতা আৰু বিশিষ্ট বুদ্ধিজীৱী, আইনজীৱিক গ্ৰেপ্তাৰ কৰা কার্যক গৰিহনা দিয়ে।
লগতে ৰাজ্যখনৰ ৭০টা জাতীয় সংগঠন একত্ৰিত হৈ অব্যাহত ৰখা জাতীয় সংগ্ৰামখনলৈকো মানৱ অধিকাৰ কৰ্মীসকলে নৈত্যিক সমৰ্থন আগবঢ়াই যাব বুলি কয়৷ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠা কালৰ একাংশ সদস্য উপস্থিত থকা সভাখনিত উপস্থিত লোকসকল একগোট হৈ "সতীৰ্থ মানুহে মানুহৰ বাবে" এক অনুষ্ঠানৰ জৰিয়তে যোৰহাট মেডিকেল কলেজ চিকিৎসালয়ত ওঠৰটাকৈ নৱজাতক মৃত্যু হোৱা ঘটনাৰ তদন্ত বিচাৰি মানৱ অধিকাৰ আয়োগত গোচৰ তৰিব বুলি জানিব পৰা গৈছে৷
সভাত নলবাৰীৰ জ্ঞানেন চক্ৰৱতী, নগাঁৱৰ বীৰেণ ভট্টাচাৰ্য, লক্ষীমপুৰৰ প্ৰশান্ত শইকীয়া, গোলাঘাটৰ পল্লৱ বৰবৰা, ৰিঙ্কু দত্ত, কুশল গায়ন, বিদ্যামনি শৰ্মা, ৰহাৰ বিপুল বৰা, যোৰহাটৰ প্ৰশান্ত বৰুৱা, নলবাৰীৰ হেমন্ত শৰ্মা, গোলাঘাটৰ কাম্যাখ্য বৰা, মুকালমোৱাৰ ৰাইনুৰ আহমেদ, বেবী বেগম, সুজিত কুমাৰ ৰায় আদিকে ধৰি বহু কেইজন মানৱ অধিকাৰ কৰ্মী উপস্থিত থাকে।
- Log in to post comments
- 29 views