বঙাইগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ 

a

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত শনিবাৰে সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাই বঙাইগাঁও চহৰৰ গান্ধী ময়দানত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পুৱা ১০ বজাৰ পৰা ৰূপায়ণ কৰা এই দুঘন্টীয়া বিক্ষোভ কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ পৰিষদ, সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ আদি সংগঠনৰ নেতা-কৰ্মীয়েও অংশগ্ৰহণ কৰে ৷ বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলে হাতে হাতে বিভিন্ন প্লেকাৰ্ড লৈ বিজেপি চৰকাৰ হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, অসম চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ হুচিয়াৰ, আমাৰ দাবী মানিবই লাগিব, অসম চুক্তি ৰূপায়ণ কৰক, অসমত হিন্দু-বাংলাদেশীক সংস্থাপন দিয়া নহ'ব, সৰ্বানন্দ সোণোৱাল চৰকাৰ মুৰ্দাবাদ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

ইপিনে বিক্ষোভ কাৰ্যসূচী সন্দৰ্ভত জিলা আছুৰ সভাপতি পাৰ্থজিৎ ৰায়ে সংবাদ মাধ্যমৰ আগত কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে অসমৰ খিলঞ্জীয়া মানুহৰ ওপৰত যি জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন জাপি দিব বিচাৰিছে তাৰ বিৰোধিতা কৰি বিভিন্ন সংগঠনৰ সহযোগত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷ কোনো কাৰণতে ১৯৭১ চনৰ পিচত অহা হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰিব দিয়া নহ'ব ৷ কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে অসমৰ খিলঞ্জীয়া লোকৰ অস্তিত্ব বিপন্ন কৰি যদি এই বিধেয়কখন জাপি দিব বিচাৰে তেতিয়াহলে আছুৰ উদ্যোগত ২৮টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত অসমত ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম ৷

জিলা সভাপতিগৰাকীয়ে লগতে অসমৰ ৰাইজক বিজেপি চৰকাৰৰ জাতি ধ্বংসী পদক্ষেপৰ বিৰোধিতা কৰি উচিত প্ৰত্যুত্তৰ দিবলৈকো আহ্বান জনায়৷ আনহাতে জিলা গৰিয়া-মৰিয়া-দেশী-জাতীয় পৰিষদৰ সভাপতি ফৰিজুল হকে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখন আমি কোনোপধ্যে মানি নলওঁ ৷ যদিহে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এই বিধেয়কখন গৃহীত কৰে তেতিয়াহলে আমি ইয়াতকৈও জংগী আন্দোলন কৰিবলৈ প্ৰস্তুত আছো৷

অসমে কোনোপধ্যে আৰু বিদেশীৰ বোজা নলয় ৷ অসম ডাষ্টবিন নহয় বুলিও কয় ৷ সেইদৰে জিলা জাতীয়তাবাদী যুৱ পৰিষদৰ উপদেষ্টা ব্ৰজেন বৰুৱাই কয় যে জাতি-মাটি-ভেঁটি ৰক্ষাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে এতিয়া জাতি ধ্বংসী বিধেয়কখনহে গৃহীত কৰিব বিচাৰিছে ৷ সেয়ে এনে হঠকাৰি চৰকাৰৰ বিৰুদ্ধে সকলোৱে মাৰ বান্ধি থিয় দিব লাগে ৷ লগতে সমাগত পঞ্চায়ত নিৰ্বাচনত বিজেপি চৰকাৰক অসমবাসী ৰাইজে উচিত প্ৰত্যুত্তৰ দিয়া উচিত বুলিও কয় ৷

নেতাগৰাকীয়ে এই জাতি ধ্বংসী বিধেয়কখন মানি লোৱা নহ'ব বুলিও স্পষ্ট কৰি দিয়ে ৷ বিক্ষোভ কাৰ্যসূচীত জিলা আছুৰ সাধাৰণ সম্পাদক মথুৰা বৰ্মন, গৰিয়া-মৰিয়া-দেশী-জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সদস্য চৈয়দ ইমৰান আলী, বঙাইগাঁও আঞ্চলিক সমিতিৰ সভাপতি জাকিৰ আলী আদিয়েও অংশ লয় ৷ বিক্ষোভ কাৰ্যসূচীত কেবাজনো নেতা-কৰ্মীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বক্তব্যও ৰাখে ৷

Your Comments