কলিয়াবৰত জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ দ্বাৰা বিনামূলীয়া চিকিৎসা শিবিৰ

s

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ
কলিয়াবৰৰ জাৱনীত আজি জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ দ্বাৰা বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰে । পুৱা ৯ বজাৰপৰা ৪ বজালৈকে অনুষ্ঠিত হ'ব লগা বিনামূলীয়া চিকিৎসা শিবিৰৰ উদ্বোধন কৰে কলিয়াবৰ মহকুমাৰ সহকাৰী আয়ুক্ত ৰিংখাং মুচাহাৰীয়ে । মুথ ৫০০  ৰোগীয়ে চিকিৎসাৰ বাবে পঞ্জিয়ন কৰা শিবিৰটোত ডা: বিৰিঞ্চি কুমাৰ বৰা, ডা: দিলীপ শৰ্মা, ডা: পাৰ্থ সাৰথী ভট্টাচাৰ্য, ডা: উপাসনা খাউন্দ, ডা: অঙ্গৰাগ ভাগৱতী, ডা: হৰেণ বৰা, ডা: প্ৰাঞ্জল গোস্বামী, ডা: নৱ কুমাৰ নাথ, ডা: কনক চন্দ্ৰ বসুমতাৰী, ডা: হৰলাল বিশ্বাসকে ধৰি মুঠ ১০জন চিকিৎসকে ৰোগীক সেৱা   আগবঢ়ায় ।

শিবিৰৰ বন্তি প্ৰজ্বলন অনুষ্ঠানত অংশগ্ৰহণ কৰে- প্ৰাক্তন অধ্যক্ষ বলোভদ্ৰ শৰ্মা, গাওঁবুঢ়া  পূৰ্ণকান্ত শইকীয়া, সমাজ কৰ্মী পিতাম্বৰ বাৰিচোৱা আৰু সন্মিলনীৰ সম্পাদক পূষ্পেন্দ্ৰ শইকীয়াই ।

Your Comments