নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা
নগাঁও জিলাৰ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, প্ৰবীন অভিনেতা, গীতিকাৰ বীৰেন্দ্ৰ কুমাৰ চক্ৰৱৰ্তী (৭৩)ৰ শনিবাৰে আকস্মিক বিয়োগ ঘটে ৷ জানিব পৰা মতে নগাঁও চহৰৰ লাওখোৱা ৰোডৰ নন্দনপুৰৰ নিবাসী চক্ৰৱৰ্তীয়ে শনিবাৰে হঠাৎ শ্বাস-প্ৰস্বাসত অসুবিধা পোৱাত লগে লগে তেঁওক স্থানীয় এখন ব্যক্তিগত নাৰ্চিংহোমত ভৰ্ত্তি কৰোৱা হয় যদিও তাৰ কিছু সময়ৰ পাছতেই হৃদক্ৰীয়াত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় ৷
নগাঁৱৰ চকলাঘাটৰ খাটোৱাল গাঁৱত জন্মগ্ৰহণ কৰা বীৰেন্দ্ৰ কুমাৰ চক্ৰৱৰ্তীয়ে চকলাঘাট উঃমাঃ বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা সমাপ্ত কৰি কটন কলেজত প্ৰাক-বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাত নাম ভৰ্তি কৰি সুখ্যাতিৰে উত্তীৰ্ন হৈ অভিযান্তিক শাখাত অধ্যয়নৰ সুবিধা পাইছিল ৷ কিন্তু ব্যক্তিগত অসুবিধাৰ বাবে পাছত তেওঁ কলা শাখাহে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ভৰ্তি হৈ উচ্চ শিক্ষা সমাপ্ত কৰে ৷ তাৰ পাছত তেওঁ বহুকেইটা লোভনীয় চাকৰি প্ৰত্যাখান কৰি জন্ম ঠাইৰ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহ শিক্ষক ৰূপে যোগদান কৰি ২০০৩ চনত উক্ত বিদ্যালয়ৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হয় আৰু ২০০৭ চনত অৱসৰ গ্ৰহণ কৰে ৷
ইংৰাজী সাহিত্যত থকা অগাধ বুৎপত্তিৰ বাবে বহুতে তেওঁক "Dictionary" উপ নামেৰেও অভিহিত কৰিছিল ৷ ছাত্ৰাৱাস্থাৰ পৰাই নিজৰ অভিনয় আৰু কাব্য প্ৰভিভাৰ পৰিচয় দিয়া চক্ৰৱৰ্তীয়ে একালৰ বিখ্যাত "গাদী" নাট্যগোষ্ঠীৰ সদস্যৰূপে বিভিন্ন ঠাইত যাত্ৰা, ভাওনাত অভিনয় কৰি ১৯৭৪ চনত দেৰগাঁৱত অনুষ্ঠিত সদৌ অসদ নাট প্ৰতিযোগিতাত “সম্পাতি” নাটকত অনবদ্য অভিনয় কৰি শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷
তেওঁ এগৰাকী সুগীতিকাৰ আৰু কবি ৰূপেও পৰিচিত আছিল ৷ আনহাতে ড° হীৰেণ গোহাঁইৰ একান্ত অনুৰাগী ৰূপে তেওঁ মৃত্যুলৈকে মাক্সীয় দৰ্শনত অটল আছিল ৷ আজি তেওঁৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগি লগে তেওঁৰ জন্ম ঠাই চকলাঘাটৰ পৰা বিভিন্ন অনুষ্ঠানৰ ভালে সংখ্যকলোক শিক্ষাবিদ গৰাকীৰ বাসগৃহত উপস্থিত হয় ৷
বিশিষ্ট নাট্যকাৰ গম্ভীৰ শইকীয়া, শিল্পী দেৱ কুমাৰ বৰা, চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ক্ষীৰোদ কুমাৰ বৰা, বিশিষ্ট কবি প্ৰদীপ শইকীয়া, চকলাঘাট শাখা সাহিত্য সভাৰ উপ সভাপতি উৎপল হাজৰীকা, সম্পাদক কল্যাণ কুমাৰ বৰা, সমাজকৰ্মী উপেন কটকী আদিয়ে এক শোক সভাযোগে পুৰোধা ব্যক্তিগৰাকী নশ্বৰদেহত শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ তেওঁৰ মৃত্যুত হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতি, চকলাঘাট ৰাস মন্দিৰ, চকলাঘাট আঞ্চলিক ক্ৰীড়া সংন্থাই শোক প্ৰকাশ কৰিছে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নীসহ, ভাতৃ আৰু বহু আত্মীয় কুতুম্বক এৰি থৈ যায় ৷
- Log in to post comments
- 12 views