বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম
অসমৰ ৭০টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বাতিলৰ দাবীত নামনি অসমৰ ৪খন জিলা সামৰি আজি ধুবুৰী বিলাসীপাৰাৰ পৰা গুৱাহাটী দিশপুৰ লৈ সংকল্প যাত্রা আৰম্ভ কৰা হয় । এই যাত্ৰা আজি ১১ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰত দিশপুৰত সমগ্ৰ অসম সামৰি হাজাৰ হাজাৰ বাইক ৰেলি গৈ উপস্থিত হৈ শেহতীয়াকৈ যি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত প্ৰতিবাদী সভা অনুষ্ঠিত কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়ে সংগঠনৰ নেতা কৰ্মীয়ে ।
যেতিয়া লৈকে জাতি ধ্বংসী আইন বাতিল নহয় তেতিয়া লৈকে এই আন্দোলন অব্যাহত থাকিব বুলি সংগঠনৰ নেতা কৰ্মী য়ে চৰকাৰক সকিয়াই দিয়ে । উক্ত সংকল্প যাত্রাত অংশগ্ৰহণ কৰা নেতা কৰ্মীৰ মাজত আছে ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক নাজিমুল হক, কোকোৰাঝাৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মানিক আলী, অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ বিলাসীপাৰা জিলা সমিতিৰ সভাপতি ইনামুল হক, ৰাতুল হক, আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰ, ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক দেলোৱাৰ হুছাইন, বিলাসীপাৰা জিলা আমছুৰ প্ৰাক্তন সভাপতি ফজৰ আলী মণ্ডলকে ধৰি বিভিন্ন জাতীয় সংগঠনৰ প্ৰায় পাঁচ শতাধিক নেতা-কৰ্মী ।
- Log in to post comments
- 11 views