বিশ্বনাথ চাৰিআলিৰ পৰা ভাস্কৰ দাস
পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি বিশ্বনাথত বলিচে নিৰ্বাচনী বতাহ ৷ বিশ্বনাথত শেহতীয়াকৈ বিজেপিৰ ভেটি অধিক শক্তিশালী হোৱা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ বিজেপিৰ প্ৰতি আস্থা বৃদ্ধি পাইছে ৷ কেইদিনমান পূৰ্বে বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুৰুআটিত ৫ শতাধিক সংখ্যালঘু ৰাইজে বিজেপিত যোগদান কৰাৰ পিচত সম্প্ৰতি দৈনিক বিজেপিত যোগদান কৰি আছে সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন ঠাইৰ সংখ্যালঘু ৰাইজে ৷
শনিবাৰে নিশা দুপৰলৈকে বিধায়ক প্ৰমোদ বৰঠাকুৰৰ ঘৰত দেখিবলৈ পোৱা গ'ল সংখ্যালঘু ৰাইজৰ ভিৰ ৷ সমষ্টিটোৰ অন্তৰ্গত চোৱাগুৰি, কৰৈয়নি, বল'ডোঙা আদি স্থানৰ পৰা অহা কেইবা শতাধিক লোক আহি বিধায়কৰ বাসগৃহত উপস্থিত হৈ যোগদান কৰিলে বিজেপিত ৷ কুৰুআতি- পলসনি সংযোগী এখন দলংঙেই এতিয়া সলনি কৰাৰ পথত বিশ্বনাথ বিধানসভা সমষ্টিৰ ৰাজনীতি ৷
সংখ্যালঘু ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্যৰাখি বিধায়ক প্ৰমোদ বৰঠাকুৰে দলংখনৰ আধাৰশিলা কৰাৰ পিচতেই প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰৰ ভোট বেংক হিচাপে পৰিচিত সংখ্যালঘু অঞ্চলত অৱ্যাহত আছে খহনীয়া ৷ সংখ্যালঘু অঞ্চলৰ প্ৰতি বিধায়ক প্ৰমোদ বৰঠাকুৰে দিয়া গুৰুত্বৰ বাবে বিজেপি দল তথা বিধায়কগৰাকীৰ প্ৰতি আস্থা বৃদ্ধি পাইছে ৰাইজৰ ৷
- Log in to post comments
- 8 views