গহপুৰত বিজেপি ত‍্যাগ কৰি অৰ্ধ শতাধিক লোকৰ কংগ্ৰেছত যোগদান

s

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকক্ষণত গহপুৰৰ কনকলতা ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ উপস্থিতিত পূৱ ছয়দুৱাৰ ব্লক সভাপতি যতিন বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত  আজি বিজেপিৰ ৫০ জন নেতাই কংগ্ৰেছত যোগদান কৰে ।

বিজেপিৰ যি কাম-কাজত অসন্তুষ্টি প্ৰকাশ কৰি বিজেপিৰ নেতা হোমলাল শৰ্মা, ৰিংকু ভূঞা, ৰোহিনী বৰা, বিশ্বজিৎ বৰা, অনিল থাপাকে ধৰি ৫০জন নেতাই বিজেপি ত্যাগ কৰি  কংগ্ৰেছ দলৰ গামোচা পৰিধান কৰি কংগ্ৰেছ দলত যোগদান কৰে ।

উক্ত সভাত নতুনকৈ যোগদান কৰা ৰাজনৈতিক ব্যক্তিসকলক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই দললৈ স্বাগতম জনাই । উক্ত সভাতে আহি থকা পঞ্চায়ত নিৰ্বাচনৰ বাবে কংগ্ৰেছ দল সৰ্ম্পূণ ৰূপে সাঁজু বুলি ৰিপুন বৰাই উল্লেখ কৰে ।

Your Comments