নগাঁৱৰ পৰা ৱাহিদুদ জামান
নগাঁও আৰক্ষীয়ে শুকুৰবাৰে অভিযান চলাই এজন কুখ্যাত ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । নগাঁও আৰক্ষীৰ এটা বিশেষ অভিযানকাৰী দলে এক খবৰৰ ভিত্তিত অভিযান চলাই চহৰখনৰ সমীপৰ ম'হখুলিৰ পৰা ড্ৰাগছ মাফিয়া লোকমান আলীক (৩২) গ্ৰেপ্তাৰ কৰে । আৰক্ষী সূত্ৰে জানিব পৰা মতে, লোকমানৰ বিৰুদ্ধ নগাঁও সদৰ থানাত ২৪৩/২০১৮ নম্বৰৰ এক গোচৰৰ ৰুজু হৈ আছে ।
এই গোচৰৰ ভিত্তিতেই আৰক্ষীয়ে আজি লেকমানক গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে লোকমানে দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি পলাই ফুৰিছিল । ড্ৰাগছ মাফিয়া লোকমানে নগাঁও চহৰৰ মাজমজিয়াৰ থানা ৰোডত "ইণ্ডিয়া ড্ৰাগছ ডিষ্ট্ৰিবিউটৰ"নামৰ এক ঔষধ ব্যৱসায় প্ৰতিষ্ঠানৰ জৰিয়তে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই যুৱ-প্ৰজন্মক মৃত্যুৰ মুখলৈ ঠেলি দিছিল বুলি নগাঁৱৰ আৰক্ষী সূত্ৰত প্ৰকাশ ।
সম্প্ৰতি লোকমানক নগাঁও সদৰ আৰক্ষী থানাত উচ্চ পদস্থ আৰক্ষী বিষয়াই মাৰাথন জেৰা অব্যাহত ৰাখিছে ।
- Log in to post comments
- 24 views