আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে এক পত্ৰযোগে কাইলৈ অৰ্থাৎ নৱেম্বৰ মাহৰ দ্বিতীয়টো শনিবাৰেও সকলো চৰকাৰী কাৰ্যালয় খোলা থাকিব বুলি ঘোষণা কৰিছে ৷
উল্লেখ্য যে অহা ৫ আৰু ৯ ডিচেম্বৰত ৰাজ্যখনত দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ গ্ৰহণ কৰি দাখিল কৰা তথা প্ৰাৰ্থীলৈ বিভিন্ন প্ৰমাণ-পত্ৰ প্ৰদান কৰাৰ বাবে কাইলৈ সকলো চৰকাৰী কাৰ্যালয় খোলা থাকিব ৷
নিৰ্বাচন আয়োগৰ ঘোষণাৰ পৰিপ্ৰেক্ষিতত বঙাইগাঁও জিলাৰো চৰকাৰী কাৰ্যালয়সমূহ কাইলৈ খোলা থাকিব বুলি জিলা তথ্য আৰু জনসংযোগ বিভাগে প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তাত উল্লেখ কৰা হৈছে ৷
- Log in to post comments
- 22 views