গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে প্ৰতিবাদ তথা স্পৰ্শকাতৰ পৰিস্থিতি বিৰাজ কৰি থকা সময়তে বৃহস্পতিবাৰে গোলাঘাটৰ শতাধিক যুৱকে নিজৰ জাতিৰ স্বাৰ্থত এক ঐতিহাসিক সংকল্প লয় ।
কাৰ্বি আংলং জিলাত অৱস্থিত বৌদ্ধ মঠৰ সন্মুখত প্ৰতিবাদী যুৱকসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ গৃহীত হ"লে বৌদ্ধ ধৰ্ম গ্ৰহণৰ সিদ্ধান্তৰে সংকল্প গ্ৰহণ কৰে ।
ধৰ্মক দোহাই দি হিন্দু বাংলাদেশী অনাৰ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনাক কোনো কাৰণতে মানি ল"ব নোৱাৰাৰ সিদ্ধান্তৰে বৌদ্ধ ধৰ্মত দীক্ষিত হোৱাৰ হুংকাৰ দিয়ে । জানিব পৰা মতে, হিন্দু ধৰ্মৰ গইনাৰে ৰাজনীতি খেলা বিজেপি আৰু আৰ এছ এছৰ হিন্দু ৰাষ্ট্ৰ গঢ়া বা ভোট বেংকৰ স্বাৰ্থত এই কুটিল ৰাজনৈতিক নীতিৰে সাতামপুৰুষীয়া অসমীয়া জাতিৰ ঐক্যৰ ডোলডাল কোনো কাৰণতে ছিঙিবলৈ দিয়া নহ'ব বুলিও উল্লেখ কৰে ।
প্ৰয়োজনত ধৰ্ম ত্যাগ কৰি হ'লেও অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ যুদ্ধত অৱতীৰ্ণ হোৱাৰ লগতে অসমক বিদেশীৰ চৰণীয়া পথাৰ হ'বলৈ নিদিয়াৰ কথা দৃঢ়তাৰে উল্লেখ কৰে ।
ছাত্ৰ-নেতা প্ৰবীণ দাস, পৰমানন্দ দাস, মাধুৰ্য দাস, পিণ্টু গগৈ, হিৰক শইকীয়া, প্ৰহ্লাদ দাস, যশৱন্ত দাস, মৌচুম দাস আদি এশৰো অধিক যুৱকে কাৰ্বি আংলঙৰ কালিয়নীৰ বৌদ্ধ মন্দিৰত এই সম্পৰ্কত সংকল্প গ্ৰহণ কৰে ৷
- Log in to post comments
- 36 views