বৰপেটাৰোডৰ পৰা ৰনজিৎ তালুকদাৰ
অসমীয়া অভিধান প্ৰণেতা, বিশিষ্ট শিক্ষাবিদ, প্ৰবীণ সাংবাদিক, লেখক, বৰপেটা জিলাৰ হাউলী নিবাসী কমল চন্দ্ৰ বায়নৰ বীক্ষা আৰু স্মৃতিকথাৰ সংকলন "কমলৰ পাহে পাহে" উন্মোচন আৰু স্মৃতিচাৰণ অনুষ্ঠান বৃহস্পতিবাৰে বিয়লি নিজ বাসগৃহত অনুষ্ঠিত হয় ।
বাৰ্ধক্যজনিত ৰোগত ৮৫ বছৰ বয়সত যোৱা ২৭ অক্টোবৰত পৰলোক হোৱা বায়নৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি স্মৃতিচাৰণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিশিষ্ট সাহিত্যক অক্ষয় কুমাৰ মিশ্ৰ আৰু হাউলী নগৰ সমিতিৰ প্ৰাক্তন সভাপতি পৰমানন্দ দাসে ৷
সভাত কমল চন্দ্ৰ বায়নৰ বীক্ষা আৰু স্মৃতিকথাৰ সংকলন "কমলৰ পাহে পাহে" উন্মোচন কৰে বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে ৷
কবি মনহৰি বায়নে আঁতধৰা সভাখনিত বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস, প্ৰাক্তন শিক্ষা বিষয়া ডঃ ভূপেন দাস, হাউলী সাহিত্য সভাৰ সভাপতি নৃপেন পূজাৰীয়ে কৰ্মৰাজিৰ ওপৰত বক্তব্য আগবঢ়ায় ৷
হাউলী প্ৰেছ ক্লাব, জাৰ্ণেলিষ্ট ইউনিয়ন, বৰপেটা জিলা সমিতি, হাউলী ৰাস সমিতি, বৰপেটাৰোড সাহিত্য সভা, বৰপেটা জিলা অগপ, বৰপেটা জিলা সাংবাদিক সন্থা, হাউলী আঞ্চলিক ছাত্ৰ সন্থাকে আদি কৰি ভালেমান অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি উপস্থিত থকা সভাখনিত তেখেতৰ বৰপুত্ৰ যুগান্ত বায়নে সকলোকে ধন্যবাদ জনায় আৰু কবি সুশীল ৰঞ্জন চৌধুৰী আৰু হেমাংগীয়ে বৰগীত পৰিবেশন কৰে ৷
- Log in to post comments
- 11 views