ডবকা পৰা জমিৰউদ্দিন তালুকদাৰ
পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে হোজাই জিলাত বলিছে নিৰ্বাচনী বতাহ ৷ জিলাখনত এই প্ৰতিবেদন প্ৰস্তুত কৰা লৈকে কোনো এটা দলে প্ৰাৰ্থী ঘোষণা কৰা নাই ৷ প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰতিটো দল বিমোৰত পৰা দেখা গৈছে ৷ সংশোধিত পঞ্চায়ত বিধি অনুসৰি প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা, সন্তানক লৈ বিমোৰত পৰিছে প্ৰায় প্ৰতিটো দল ৷
ৰাজনৈতিক দলে নিৰ্বাচনলৈ প্ৰস্তুতি গ্ৰহণ কৰাৰ সময়ত জিলা প্ৰশাসনেও প্ৰস্তুতি আৰম্ভ কৰিছে ৷ অহা ৯ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত হোজাই জিলাৰ তিনিখন বিধানসভা সমষ্টিত ৭১৬টা ভোট কেন্দ্ৰত ৫,২৫,৭৭১ গৰাকী ভোটাৰে ভোটদান কৰিব ৷ হোজাই জিলাত তিনিটা বিধানসভা সমষ্টি ক্ৰমে যমুনামুখ, হোজাই আৰু লামডিং সমষ্টি মিলি গঠিত হোজাই জিলা পৰিষদত ১২টা জিলা পৰিষদ সমষ্টি আছে ৷
জিলাখনত মুঠ ৬৭টা গাওঁ পঞ্চায়ত সদস্য, ৬৭টা গাওঁ পঞ্চায়ত সদস্যৰ লগতে ৬৭০টা ৱাৰ্ড সদস্য পদ আছে ৷ জিলাখনত ২,৭৭,৭৩৭ গৰাকী পুৰুষ আৰু ২,৪৮,০৩৪ গৰাকী মহিলা ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ৷ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে হোজাইত নিৰ্বাচনৰ প্ৰতি ৰাজনৈতিক দলে দেখুৱা তৎপৰতাৰ বিপৰীতে সাধাৰণ ভোটাৰৰ মাজত নাই কোনো উচাহ ৷ কাৰণ, বিগত সময়ত পঞ্চায়তবোৰত সংঘটিত দুৰ্নীতিক লৈ ৰাইজৰ প্ৰতিটো দলৰ প্ৰতি মোহ ভংগ ঘটিছে ৷
- Log in to post comments
- 18 views