মৰিগাঁৱৰ পৰা জিতুমনি নাথ
প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'ব লগা পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে মৰিগাঁও জিলা প্ৰশাসনে প্ৰস্ততি প্ৰায় সম্পুৰ্ণ কৰি তুলিছে । মৰিগাঁও জিলাৰ নৱনিযুক্ত উপায়ুক্ত ৰিতুৰাজ বৰাই আজি মৰিগাঁও জিলা সংবাদমাধ্যমৰ সৈতে জিলাখনৰ উন্নয়ন আৰু সমস্যাসমূহৰ সন্দৰ্ভত অনুষ্ঠিত হোৱা এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি মৰিগাওঁ জিলাৰ নিৰ্বাচনী বিষয়া কল্যাণী কংকনা দাসে আগন্তক পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত সংবাদ মাধ্যমক তথ্য প্ৰদান কৰে ।
নিৰ্বাচনী বিষয়া কল্যাণী কংকনা দাসে প্ৰকাশ কৰা তথ্য অনুসৰি মৰিগাওঁ জিলাৰ ৮৫টা পঞ্চায়তত মুঠ ৬,২৭,৮৫১জন ভোটাৰে প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব । জিলাখনৰ ১৩টা জিলা পৰিষদ, ৭ খন আঞ্চলিক পঞ্চায়তৰ বাবে ২০ ঠাইত মনোনয়ন-পত্ৰ গ্ৰহণৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে । সেই অনুসৰি গাওঁ পঞ্চায়ত, আঞ্চলিক সদস্য আৰু জিলা পলিষদৰ প্ৰাৰ্থীসকলৰ বাবে একেলগে গ্ৰহণ কৰিব মনোনয়ন-পত্ৰ ।
ধৰমতুল জিলা পৰিষদৰ বাবে মৰিগাঁও জলসিঞ্চন কাৰ্য্যালয়, জাগীভকত গাঁও জিলা পৰিষদৰ বাবে জিলা উদ্যোগ বিভাগ, মায়ং জিলা পলিষদৰ গ্ৰামোন্নয়ন অভিকৰণ কাৰ্যালয়, লাহৰিঘাট জিলা পলিষদৰ গ্ৰাম্য পথ সংমণ্ডল মৰিগাঁও, কুশতলি জিলা পলিষদৰ জনস্বাস্থ্য কাৰিকৰি বিভাগ, ভূৰাগাঁও জিলা পৰিষদৰ যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়, নিজ গেৰুৱা জিলা পৰিষদৰ ৰেচম বিভাগ, দলৈগাঁও জিলাপৰিষদৰ পৰিবহণ বিভাগ, মৈৰাবাৰী জিলাপৰিষদৰ হস্ততাঁত বয়ন শিল্প বিভাগ, চৰাইবাহী জিলা পৰিষদৰ পশুপালন বিভাগ, দন্দুৱা জিলা পৰিষদৰ জিলা পলিষদৰ কাৰ্যালয়, ভূৰবন্ধা জিলা পৰিষদৰ মীন বিভাগ, চাবুক ধৰা জিলা পৰিষদৰ কৃষি বিভাগ কাৰ্যালয়ত মনোনয়ন-পত্ৰ গ্ৰহণৰ ব্যৱস্থা কৰিছে ।
তদুপৰি গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলৰ বাবে মায়ং উন্নয়ন খণ্ডৰ মায়ং উন্নয়ন খণ্ডৰ, লাহৰীঘাটত উন্নয়ন খণ্ডৰ বাবে লাহৰিঘাট উন্নয় খণ্ডৰ, মৈৰাবাৰী উন্নয়ন খণ্ডৰ বাবে মৈৰাবাৰী উন্নয়ন খণ্ডৰ, ভূৰবন্ধাৰ উন্নয়ন খণ্ডৰ বাবে ভূৰবন্ধাৰ উন্নয়ন খণ্ডৰ,কপিলী উন্নয়ন খণ্ডৰ ৫খন গাওঁ পঞ্চায়তৰ বাবে কপিলী উন্নয়ন খণ্ডৰ, দলংঘাট উন্নয়ন খণ্ডৰ ৪খন গাওঁ পঞ্চায়তৰ বাবে কপিলী উন্নয়ন খণ্ডৰ আৰু চাবুক ধৰা গাওঁ পঞ্চায়তৰ বাবে দলংঘাট উন্নয়ন খণ্ডৰ কাৰ্যালয়ত মনোনয়ন-পত্ৰ গ্ৰহণ কৰিব ।
ইফালে জিলাখনত মুঠ ৯০৬টা ভোটকেন্দ্ৰত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰিছে । আনহাতে মৰিগাওঁ জিলাৰ নৱনিযুক্ত উপায়ুক্ত ৰিতুৰাজ বৰাই জিলাখনৰ সংবাদমাধ্যমৰ লোকসকলৰ লগত জিলাখনৰ উন্নয়ন আৰু সমস্যাসমূহৰ ওপৰত এক পৰ্যালোচনা সভাত মিলিত হয় ।
পৰ্যালোচনা সভাত অতিৰিক্ত উপায়ুক্ত লক্ষীনন্দন চহৰীয়া, চহিদুৰ ৰহমান, নিৰ্বাচনী বিষয়া কল্যাণী কংকনা দাস, মিকিৰ ভেটা ৰাজহ-চক্ৰ বিষয়া পলাশ আহোম, মৰিগাঁও ৰাজহ-চক্ৰ বিষয়া সংঘমিত্ৰা ভাগৱতী, জনসংযোগ বিষয়া সুনিতি নাৰ্জাৰীকে আদি কৰি জিলাখনৰ প্ৰায়সকল সংবাদকৰ্মীয়ে অংশগ্ৰহণ কৰা সভাখনত উপায়ুক্ত ৰিতুৰাজ বৰাই জিলাখনৰ দ্ৰত উন্নয়নত গুৰুত্ব আৰোপ কৰিব বুলি মন্তব্য কৰে ।
- Log in to post comments
- 148 views