বিশ্বনাথ চাৰিআলিৰ পৰা ভাস্কৰ দাস
এইবাৰ বিশ্বনাথত বহুজাতিক কোম্পানীৰ অৰাজকতা | দৰাচলতে যোৱা ২৮ অক্টোবৰ তাৰিখে বিশ্বনাথৰ পাভৈ পথত গঢ়ি তোলা বহুজাতিক কোম্পানী বিশাল মেগা মাৰ্ট মুকলি কৰা হৈছিল | প্ৰথম অৱস্থাত বিশ্বনাথৰ সাধাৰণ জনতাই এই প্ৰতিষ্ঠানটি মুকলি কৰাৰ বাবে যথেষ্ট আনন্দিত আৰু উৎফুলিত হৈ পৰিছিল | কিন্তু প্ৰতিষ্ঠানটোৰ এক বৃহৎ সমস্যাই দিনক দিনে পথাচাৰিক সমস্যাৰ সৃষ্টি কৰিব ধৰিলে আৰু এই সমস্যা হৈছে পাৰ্কীংৰ সুব্যৱস্থা নথকাৰ |
যাৰ বাবে এতিয়া উক্ত ৰাজপথটো এতিয়া দিন-ৰাতি একাকাৰ সকলো পুৱা ৯ বজাৰ পৰা নিশা ১০ বজা পৰ্য্যন্ত শ শ বাহন পাৰ্কিং ব্যৱস্থা নথকাৰ বাবে প্ৰচণ্ড যান-জোঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় | ফলত সাধাৰণ পথাচাৰিয়েও নিজৰ চাইকেল পাৰ কৰোৱাত এক বৃহৎ সমস্যাই গঢ় লৈ উঠে | পোন প্ৰথমে পাৰ্কীঙৰ ব্যৱস্থা নথকাৰ বাবে সৃষ্টি হোৱা এই বৃহৎ সমস্যা দুই-এদিনত সমাধান হ'ব বুলি বহু লোকে ধাৰণা কৰিছিল যদিও পৰৱৰ্তী সময়ত এই সমস্যা দিনক-দিনকে তথা এসপ্তাহৰ ভিতৰতে ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিলে যাৰ বাবে অতীষ্ঠ হ'ব ধৰে সৰ্বসাধাৰণ ৰাইজ আৰু সংঘটিত হ'ব ধৰে সৰু বৰ দুৰ্ঘটনা |
উল্লেখ্য যে শ্বপিং মলটোৰ বাবে পথৰ কাষতে উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ বহুৱাৰ ফলত যি কোনো সময়ত ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হোৱাটো নিশ্চিত হৈ পৰিছে | অৱশেষত এই সুব্যৱস্থাসমূহ পূৰণ নকৰাকৈ এক বিপদ সংকুল পৰিৱেশ গঢ়ি তোলাৰ বাবে শ্বপিং মলটোক নাকি লগোৱাৰ বাবে উক্ত স্থানত উপস্থিত হয় বিশ্বনাথ জিলা প্ৰশাসন |
আৰক্ষী আৰু প্ৰশাসনিক বিষয়া উপস্থিত হৈ অৱশেষত প্ৰতিষ্ঠাটোৰ কৰ্তৃপক্ষক পাৰ্কীংৰ সুব্যৱস্থা কৰি দিয়াৰ বাবে ২৪ ঘন্টাৰ সময়সীমা বান্ধি দিয়ে | আনহাতে এই ক্ষেত্ৰত সচেতন ৰাইজে মেগা শ্বপিং মলটোৱে উক্ত সমস্যা সমাধান নকৰাৰ পৰ্যন্ত মলটো বন্ধ ৰখাৰ বাবে দাবী উত্থাপন কৰিছে |
- Log in to post comments
- 24 views