নগাঁৱৰ পৰা ৱাহিদুদ জামান
পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই বিভ্ৰান্তি মূলক মন্তব্যৰে এক ধোঁৱা-কোঁৱা পৰিবেশৰ সৃষ্টি কৰাৰ সময়তে এই বিষয়টোক লৈ মুখ খুলিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই । আজি নগাঁৱত সংবাদ মাধ্যমৰ আগত মহন্তই কয়, 'অসম গণ পৰিষদ দলে পঞ্চায়ত নিৰ্বাচন এককভাৱে খেলা উচিত ।
পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে দলক শক্তিশালী কৰাৰ এক সুযোগ লাভ কৰিব । লগতে মহন্তই কয়- অগপ দলে পঞ্চায়ত নিৰ্বাচন অকলেই খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সেয়ে মই ভাৱো দলীয় সিদ্ধান্ত অনুসৰি অগপই নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দিতা কৰা উচিত । যদি কোনোবাই নতুন পৰিৱৰ্তনৰ কথা চিন্তা কৰিছে, সেই বিষয়ে মই নাজানোঁ । প্ৰসংগ ক্ৰমে তেওঁ কয় যে পঞ্চায়ত নিৰ্বাচনত কৰবাত হাৰিব আন কৰবাত জিকিব পাৰে ।
কিন্তু অকলে নিৰ্বাচন খেলিলে দলটোৰ ভৱিষ্যত স্থিতিৰ বিষয়ে আমি উমান পাম । তেওঁ আৰু কয় যে অসমত বহু ইচ্ছু আৰু সমস্যা আছে । এই বিষয়ক লৈয়ে তৃণমূল পৰ্যায়ৰ পৰা দলটোক শক্তিশালী কৰিব পৰা যাব । আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা উল্লেখ কৰি মহন্তই কয় - এই বিধেয়কখন গৃহত হ'লে অসমৰ থলুৱা খিলঞ্জীয়া লোক সংকটৰ গৰাহত পৰিব ।
আমি অসম আন্দোলনৰ লগত জৰিত একাংশ লোকে অসম সংগ্ৰামী মঞ্চ গঠন কৰি বিধেয়কখনৰ বিৰুদ্ধে যুঁজ কৰি আহিছোঁ । অগপ দলেও সেই যুঁজ অব্যাহত ৰাখিছে । তদুপৰি শেহতীয়াকৈ বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন অব্যাহত আছে । মহন্তই অসমৰ ৰাইজৰ আবেগ অনুভূতিক গুৰুত্ব দি কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন শীঘ্ৰে বাতিল কৰিব লাগে বুলিও মন্তব্য কৰে । লগতে তেওঁ কয় যে অসমত বহু নিবনুৱা আছে । এই সমস্যাই সম্প্ৰতি ভয়াবহ ৰূপ ধাৰণা কৰিছে ।
এই সমস্যা সমাধানত চৰকাৰ সফল হ'ব পৰা নাই । উল্লেখ্য, অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই গুৱাহাটীত পৰহি সংবাদ মাধ্যমৰ আগত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত স্থানীয় পৰ্যায়ত আন দলৰ লগত মিত্ৰতা হ'ব পাৰে বুলি মন্তব্য কৰাৰ পিছত দলটোৰ ভিতৰ চ'ৰাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল । যাৰ বাবে কালি নগাঁৱত নিজৰ প্ৰতিক্ৰিয়া ব্যাক্ত কৰি সেই কথাৰ সুৰ সলনি কৰিবলৈ বাধ্য হয় ।
সংবাদ মাধ্যমৰ আগত কৈছিল যে সমাগত পঞ্চায়ত নিৰ্বাচনত অকলেই নিৰ্বাচনত প্ৰতিদ্বন্ধিতা কৰিব । এইদৰে অগপৰ দলৰ একাংশ জ্যেষ্ঠ নেতাই সঘনাই সুৰ সলনি কৰা ঘটনাই পঞ্চায়ত নিৰ্বাচনত অগপৰ মিত্ৰতা প্ৰসংগত তেওঁলোকৰ স্থিতি কি হ'ব, সেয়া জানিবলৈ নিৰ্বাচনৰ বাবে মনোনয়ন পৰ্বৰ অন্তিম মহুৰ্তলৈকে অপেক্ষা কৰিব লাগিব ।
- Log in to post comments
- 38 views