গোলাঘাটত পানীত ওপঙা ঘৰ 

s

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন 
অসমত বানাক্ৰান্ত সকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে মৰিগাঁৱৰ সঞ্জীৱ সভাপণ্ডিতে নিৰ্মাণ কৰা পানীত ওপঙা ঘৰৰ দ্বাৰা আকৃষ্ট হৈ গোলাঘাটৰ অন্যতম বানপীড়িত অঞ্চল কমাৰগাঁৱত নুমলীগড় তেল শোধনাগাৰৰ তৰফৰ পৰা আগবঢ়াইছে মাদাৰ চেল্টাৰ নামৰ এখনি পানীত ওপঙা ঘৰ ।

য'ত প্ৰায় ৫০ জনকৈ বানাক্ৰান্ত থকাৰ সুবিধা থকাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও কোনো অসুবিধা নোহোৱাকৈ পঢ়া-শুনা কৰিব পাৰিব । নুমলীগড় তেল শেধনাগাৰে বানৰ দিনত নিৰাপদ আশ্ৰয়স্থলী হিচাপে আগবঢ়োৱা এনে পদক্ষেপত অঞ্চলটোৰ ৰাইজে শলাগ লৈছে ।

Your Comments