গোলাঘাটৰ আধাৰসত্ৰত ঐতিহাসিক ৩৮ সংখ্যক ৰাসলীলা উদ্‌যাপনৰ প্ৰস্তুতি

s

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

গোলাঘাট জিলাৰ অন্যতম ইতিহাস প্ৰসিদ্ধ আধাৰ সত্ৰ ৰাস উদ্‌যাপন সমিতিৰ সৌজন্যত আধাৰসত্ৰ গাঁও উন্নয়ণ সমিতিৰ সহযোগত বিগত বৰ্ষৰ দৰে এই বৰ্ষতো বিশাল আয়োজনেৰে ২২ আৰু ২৩ নৱেম্বৰ (৫ আৰু ৬ আঘোণ) তাৰিখে, আধাৰসত্ৰ নাট্যমঞ্চত ৩৮ সংখ্যক ভগৱান শ্ৰীশ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা, কংসৰ জন্ম ৰহস্য আৰু কংস বধ সহিতে শিশুলীলা, কালীয়দমন আৰু মহাৰাস ক্ৰীড়া উদ্‌যাপন কৰিবলৈ আয়োজন কৰিছে ।

সন্ধ্যা ৭ বজাত অনুষ্ঠিত হ'বলগীয়া ৰাসভাগিত ৰাস উদযাপন সমিতিয়ে জিলাখনৰ সকলো ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি একান্ত কামনা কৰিছে ।

Your Comments