নগাঁৱত কুশল কোঁৱৰ বৃদ্ধ পেন্সন আঁচনিৰ আবেদন প্ৰ-পত্ৰ বিচাৰি হিতাধিকাৰীৰ হাহাকাৰ

নগাঁৱত কুশল কোঁৱৰ বৃদ্ধ পেন্সন আঁচনিৰ আবেদন প্ৰ-পত্ৰ বিচাৰি হিতাধিকাৰীৰ হাহাকাৰ

নগাঁৱৰ পৰা ৱাহিদুদ জামান

অসম চৰকাৰে ৬০ বছৰৰ ঊৰ্ধ্বৰ সকলো শ্ৰেণীৰ পুৰুষ-মহিলাৰ অৰ্থনৈতিক নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰিবলগা ছহিদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেন্সন আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত নগাঁও জিলাত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে ।

প্ৰাপ্ত তথ্য মতে, আঁচনিখন ৰূপায়ণৰ বাবে নগাঁও জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত ১৭২টা গাঁও পঞ্চায়তত প্ৰতিটোতে ৫০০খন প্ৰ-পত্ৰ বিতৰণ কৰাৰ লগতে নগাঁও সদৰ মহকুমাৰ অন্তৰ্গত নগাঁও আৰু ধিং পৌৰসভা কৰ্তৃপক্ষলৈ প্ৰতিটোতে ২০০০খন প্ৰ-পত্ৰ আৰু ৰহা আৰু কামপুৰ নগৰ সমিতিত প্ৰতিটোতে ১০০০খন প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে ।

সংশ্লিষ্ট কৰ্তৃপক্ষই নিজৰ নিজৰ এলেকাত বিভাগীয় নীতি-নিয়ম অনুসৰি এই আঁচনিখনৰ হিতাধিকাৰী বাছনিৰ বাবে ইতিমধ্যে প্ৰ-পত্ৰসমূহ বিতৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে যদিও পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা ঘোষণা হোৱাত এই ক্ষেত্ৰত এক স্থবিৰতা আহি পৰিছে । বিগত প্ৰায় এপষেক পূৰ্বে জিলাখনৰ বিভিন্ন গাঁও পঞ্চায়ত, পৌৰসভা আৰু নগৰ সমিতিৰ কৰ্তৃপক্ষক এই প্ৰ-পত্ৰসমুহ নগাঁও জিলা পৰিষদৰ কাৰ্যালয়ে দিয়াৰ ব্যৱস্থা কৰিছে যদিও চৰকাৰী অনুষ্ঠানৌইটাৰ বিষয়া-কৰ্মচাৰীৰ হাতৰ পৰা হঠাৎ প্ৰ-পত্ৰসমূহ অন্তৰ্ধান হোৱাৰ অভিযোগ উঠিছে ।

উত্থাপিত অভিযোগ অনুসৰি, বৃদ্ধ পেন্সন পোৱাৰ বাবে চৰকাৰে যোগান ধৰা আবেদন প্ৰ-পত্ৰসমূহ সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা শাসকীয় দলৰ একাংশ স্থানীয় নেতা-কৰ্মীয়ে সংগ্ৰহ কৰি তেওঁলোকৰ অনুগত দলীয় কৰ্মীৰ জৰিয়তে বিতৰণ কৰাৰ অভিযোগ উঠিছে । যাৰবাবে একাংশ সহজ-সৰল হিতাধিকাৰীয়ে গাঁও পঞ্চায়ত আৰু পৌৰসভা, নগৰ সমিতিৰ কাৰ্যালয়ত গৈয়ো নিৰ্ধাৰিত আবেদন প্ৰ-পত্ৰ বিচাৰি বিমুখ হ'বলগা হৈছে ।

মন কৰিবলগীয়া যে বিভাগীয় নীতি অনুসৰি, ছহিদ কুশল কোঁৱৰ বৃদ্ধ পেন্সনৰ হিতাধিকাৰীৰ মূল গুৰুত্বপূৰ্ণ নথিটো হ'ল বয়সৰ প্ৰমাণ-পত্ৰ । কিন্তু অধিকাংশ হিতাধিকাৰীৰ হাতত ভোটাৰ আইডি কাৰ্ড,পান কাৰ্ড, জন্মৰ নাইবা শিক্ষাগত প্ৰমাণ-পত্ৰকে ধৰি অন্যান্য প্ৰয়োজনীয় নথি আছে যদিও একাংশ হিতাধিকাৰীয়ে ৰহস্যজনকভাৱে বয়সৰ প্ৰমাণ-পত্ৰ বিচাৰি চিকিৎসকৰ ওচৰত ভিৰ কৰা পৰিলক্ষিত হৈছে ।

ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি একাংশ চিকিৎসকে বয়সৰ প্ৰমাণ-পত্ৰ দিয়াৰ নামত ব্যাপক হাৰত ধন সংগ্ৰহ কৰাৰ অভিযোগ পোৱা গৈছে‌ । চৰকাৰী খণ্ডৰ চিকিৎসা বিষয়াসকলে হিতাধিকাৰীৰ বয়স কম হ'লেও ৬০ বছৰ বনাই প্ৰমাণ দিয়াৰো গুৰুতৰ অভিযোগ উঠিছে । ফলত বহু প্ৰকৃত হিতাধিকাৰী পেন্সন আঁচনিৰ পৰা বঞ্চিত হোৱাৰ আশংকা কৰা হৈছে ।

অৱশ্যে বিভাগীয় কৰ্তৃপক্ষই পৰৱৰ্তী সময়ত কৰা প্ৰ-পত্ৰসমূহৰ সঠিক পৰীক্ষা-নিৰীক্ষাৰ ওপৰত আঁচনিটোৰ সুফল নিৰ্ভৰ কৰিব । আনহাতে, ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে 'সবকা সাথ সবকা বিকাশ' নীতিৰে চৰকাৰী কাম-কাজ কৰি থকাৰ শ্লোগান আওৰালেও, বৃদ্ধ পেন্সন আঁচনিৰ ক্ষেত্ৰত কি ৰূপ লয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব । 


 

Your Comments