কমাৰবন্ধা শাখা সাহিত্য সভাত ভূপেন হাজৰিকাৰ স্মৃতি দিৱস

 কমাৰবন্ধা শাখা সাহিত্য সভাত ভূপেন হাজৰিকাৰ স্মৃতি দিৱস

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

কমাৰবন্ধা শাখা সাহিত্য সভা, কমাৰবন্ধা লেখিকা সমাৰোহ সমিতি আৰু কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত ৫ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠৰ মৃত্যু দিনটো স্মৃতি দিৱস হিচাপে পালন কৰে ।

 কমাৰবন্ধা শাখা সাহিত্য সভাত ভূপেন হাজৰিকাৰ স্মৃতি দিৱস

সেই উপলক্ষে পুৱা ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে কমাৰবন্ধা শাখা সাহিত্যসভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ হিলৈদাৰীয়ে । ইয়াৰ পিছতে লেখিকা সমাৰোহ সমিতিৰ সদস্যাসকলে "চিৰ চেনেহী মোৰ ভাষা জননী" গীতেৰে মূল সভাখনি মুকলি কৰে । শাখা সাহিত্য সভাৰ সভাপতি পবিত্ৰ প্ৰাণ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত বিশিষ্ট অতিথিসকলৰ চিনাকি পৰ্ব, সম্বৰ্ধনা অনুষ্ঠানৰ আঁতধৰে শাখা সাহিত্য সভাৰ সম্পাদক বিদ্যুৎ বিকাশ বৰাই ।

 কমাৰবন্ধা শাখা সাহিত্য সভাত ভূপেন হাজৰিকাৰ স্মৃতি দিৱস

আঠখেলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰদীপ সোণাৰে উদ্বোধন কৰা সভাখনিত বিশিষ্ট অতিথিৰূপে গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদক দিলীপ শৰ্মা, নিৰ্দিষ্ট বক্তাৰূপে অসম সাহিক্য সভাৰ আন্তঃৰাজ্য আৰু বিদেশ মৈত্ৰী বন্ধন উপ-সমিতিৰ আহ্বায়ক নুৰুল আলী, কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ লোকেন্দ্ৰ নাথ বৰা, ছাত্ৰ একতা সভাৰ সভাপতিৰ দায়িত্বত থকা বিষয় শিক্ষক অচ্যুত বৰা, সম্পাদক মানসপ্ৰতীম বৰা, কমাৰ বন্ধা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী, সাহিত্যিক পেঞ্চনাৰ জয়ন্তী হিলৈদাৰী, সম্পাদিকা ৰেণু বৰা হাজৰিকা আদি উপস্থিত থাকে ।

Your Comments